সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ১২१ নাশ আৰু বন্ধু-বিচ্ছেদ হল তেওঁৰ পুত্ৰ-ভাৰ্য্যাও বেচা গল; তাতো তোৰ সন্তোষ নজন্মিল, তেওঁক তই চাণ্ডাল কৰিলি! হা মহাৰাজ! ম‍ই আজি ইমান দুখেৰে মাটিত পৰি আছে৷ মোৰ ওখ আৰু কোমল শয্যালৈ নোতোলা কিয়? আজি দেখোঁ তোমাৰ ছত্ৰ চামৰ-ব্যজন ভৃঙ্গাৰ-আদি একোৱেই নাই বিধাতাৰ কেনে বিড়ম্বনা! পূৰ্বে যাৰ আগে আগে ৰাজাবিলাকে ভৃত্যৰ দৰে নিজ কাপোৰৰ আঁচলেৰে মাটিৰ ধূলি সাৰি গৈছিল, আজি সেই হৰিশ্চন্দ্ৰ ৰজাই মৰা মানুহৰ মূৰৰ খোলাৰে, মৃতকৰ মালাৰে, শিয়াল, শগুন, আৰু শৱভক্ষণৰ দ্বাৰা আনন্দিত ভূত প্ৰেতেৰে আবৃত, চিতাৰ ধোৱাৰে অন্ধকাৰ আৰু অশুচি শ্মশানত অতি দুঃখেৰে নিবাস কৰিছে।” এই বুলি ৰাজ-পত্নীয়ে ৰজাৰ ডিঙ্গিত ধৰি অতি কাতৰ স্বৰেৰে কান্দি কান্দি আকও কবলৈ আৰম্ভ কৰিলে, “হে মহাৰাজ! ই স্বপ্ন নে সত্য, মোক নিশ্চয় কৰি কওক, মোৰ মন মোহিত হৈছে। হে ধৰ্ম্মজ্ঞ! আপুনি পৰম ধাৰ্ম্মিক; তথাপি আপোনাৰ এনে দশা হৈছে, এই কথা যদি সত্য হয় তেন্তে পৃথিবীত দেৱতা-ব্ৰাহ্মণাদিৰ পূজা আৰু পালনত একো ধৰ্ম্ম নাই; সত্যকথন, নিষ্কপটতা আৰু দয়া, এই সকলো বৃথা।” কুৱঁৰীৰ এই কথা শুনি দীঘল হুমুনিয়াহ কাঢ়ি গদগদ মাতেৰে হৰিশ্চন্দ্ৰ ৰজাই তেওঁ চাণ্ডাল হোৱাৰ সকলো বিবৰণ কলে, তাতে তেওঁৰ ভাৰ্য্যাই কান্দি কান্দি পুতেকৰ মৃত্যুৰ বৃত্তান্ত ৰজাক জনালে। তেতিয়া ৰজাই বুলিলে “প্ৰিয়ে! আৰু অধিক কাল দুখৰ উপাসনা কৰিবৰ মোৰ ইচ্ছা নাই; কিন্তু দুৰ্ভাগ্যৰ গুনে মই স্বাধীন নহওঁ, চাণ্ডালৰ অনুমতি নোহোৱাকৈ যদি অগ্নিতে প্ৰবেশ কৰে৷ তেন্তে পৰজন্মত আকৌ চাণ্ডাল হব লাগিব। মোৰ বংশ ৰক্ষক এটি মাথোন পুত্ৰ আছিল, মোৰ দুদ্দৈৱ-জলৰ সোঁতত সিও উটি গল। দুঃখ-সাগৰত পৰা লোকে প্ৰাণ এৰিব