সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০ পাঠ। হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান ( সমাপ্ত ) (The Story of Raja Harish Chandra ( Concluded ) ৰজাই বুলিলে, “হা পুত্ৰ! তোমাৰ কেনে সুন্দৰ ভ্ৰুৱ! কেনে শুৱনি নাক! কেনে সুন্দৰ চকু! তোমাৰ এনে দশা দেখি হোৰ হিয়া বিদৰি নেযায় কিয়? এতিয়া পিতৃ, পিতৃ বুলি মোৰ গুৰিলৈ কোন আহিব? ম‍ই বা বাপা, বাপা, বুলি কাক আকোৱালি ধৰিম? কাৰ আঠুৰ ধুলিৰে মোৰ গা, কোলা আৰু কাপোৰ মলিন হব? হা মোৰ, পুত্ৰ! বুকুৰ কুটুম! মোৰ পৰা তোমাৰ জন্ম; কিন্তু মই কু-পিতা, তোমাক সামান্য বস্তুৰ দৰে বিকিলো! মোৰ বিপুল ধন আৰু বৃহৎ ৰাজ্য হৰণ কৰিও সন্তুষ্ট নহৈ দৈৱস্বৰূপ নিষ্ঠুৰ সাপে শেষত সন্তানটিকো দংশিলে! এতিয়া সেই সৰ্পে দংশা পুত্ৰৰ মুখ দেখিয়েই বিষৰ দ্বাৰা মোৰ চকু অন্ধ হৈছে। হৰিশ্চন্দ্ৰ ৰজাই গদগদ বাক্যেৰে এইৰূপে বিলাপ কৰি সেই মৃত শিশুটিক বুকত লৈ পুনৰায় মূৰ্ছিত হল। তেতিয়া তেওঁৰ কুৱঁৰীয়ে বৰ শোকেৰে কবলৈ ধৰিলে “এওঁ সেই পুৰুষশ্ৰেষ্ঠ আৰু জ্ঞানীবিলাকৰ মনক পোহৰ কৰা চন্দ্ৰস্বৰূপ হৰিশ্চন্দ্ৰ ৰজা; তেওঁৰ বাক্য দ্বাৰায়ে ম‍ই তাক বুজিছো, ইয়াত কোনো সংশয় নাই। সেই বিখ্যাতকীৰ্ত্তি-মহাৰাজাৰ দৰে এওঁৰো উন্নত নাসিকা, আৰু কুন্দকলিৰ সদৃশ দাঁত। এই ৰজা আজি কৰ পৰা শ্মশানলৈ আহিল?” এই বুলি অতি আচৰিত মনেৰে আৰু স্বামীৰ দুখত পুত্ৰশোককো পাহৰি, সেই দুঃখিনী কুৱঁৰীয়ে মাটিত পৰি থকা ৰাজাক চাবলৈ ধৰিলে, আৰু তেওঁৰ স্বামীয়ে অতিশয় নিন্দিত আৰু চাণ্ডালৰযোগ দণ্ড পোৱা দেখি অতি দুঃখেৰে মূৰ্চ্ছিতা হল; পাচত চেতন পাই “ৰে নিদাৰুণ দৈৱ! তোৰ ধিক্! তই অতি নিলাজ আজ নিন্দিত; তই এই দেৱতুল্য ৰাজাক চাণ্ডাল কৰিলি। হৰিশ্চন্দ্ৰ ৰাজাৰ ৰাজ্য-