সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২৮ পাঠ-মালা। পাৰিলেই পাৰ পায়; কিন্তু মই পৰাধীন প্ৰাণ কেনেকৈ এৰো? সি যিই হওক, কষ্টত পৰা মানুহে পাপলৈ ভয় ন কৰে। পুত্ৰৰ বিয়োগত মানুহৰ যেনে দুঃখ হয় পশু-পক্ষীৰ জাতিত জন্ম, অসিপত্ৰ নৰক, আৰু বৈতৰণী, নদী এইবিলাকৰ কতো তেনে ন হয়। এতেকে, হে সুন্দৰি! মোৰ অপৰাধ ক্ষমা কৰিবা, মই পুত্ৰৰ শৱেৰে সৈতে জলা-জুইত জাঁপ দিওঁ; তুমি মোৰ কথা লোৱা। মই অনুমতি দিছোঁ বামুণৰ ঘৰলৈ উলটি যোৱা। যদি মই কিবা দান কৰিছিলোঁ, হোম-যজ্ঞ কৰিছিলোঁ, আৰু যদি মই গুৰু সকলক সন্তোষ দিছিলোঁ, তেন্তে পৰকালত পুত্ৰেৰে সৈতে তোমাৰ সাক্ষাৎ পাম। হে সুন্দৰি! যদি ম‍ই ইতিকিং কৰি, কঠিন কথা কৈ বা আন কোনো প্ৰকাৰে তোমাক কিবা দুখ দিছিলোঁ, তেনে হলে মই প্ৰাৰ্থনা কৰোঁ, মোক ক্ষমা কৰাঁ৷” এই কথা শুনি কুৱঁৰীয়ে বুলিলে “মোৰো অ ৰু কষ্ট সহ্য নহয়, জুইত, সোমাই আপোনাৰ সহগামিনী হম।' তেতিয়া ৰজাই চিত৷ সাজি পুতেকৰ শৱ তাত তুলিলে, আৰু সভাৰ্য্যে কৰযোৰ কৰি হৃদয়ত থকা অনাদি, অন্ত, পৰমাত্মা পৰমেশ্বৰক চিন্তিবলৈ ধৰিলে। ৰজাই সেইৰূপে চিন্তা কৰি থাকোঁতেই ইন্দ্ৰ সৈতে দেৱতাসকল ধৰ্ম্মক আগত লৈ উপস্থিত হল হি, আৰু ৰজাক সম্বোধন কৰি কলে “মহাৰাজ! শুনা এই জন। ব্ৰহ্মা, এই জনা ভগবান্ ধৰ্ম্ম, এই সকল দেৱতা আৰু এই জনা বিশ্বামিত্ৰ মুনি। যাৰে সৈতে পূৰ্বে তিনিও লোকত কোনোৱা মিত্ৰতা কৰিব নোৱাৰিলে, সেই বিশ্বামিত্ৰ স্বয়ং তোমাৰে সৈতে বন্ধুতাৰ কামনা কৰিছে।” তেতিয়া ইন্দ্ৰে বুলিলে, “মহাৰাজ! ম‍ই ইন্দ্ৰ, তোমাৰ গুৰিলৈ আহিছোঁ, তুমি তিনিও লোকক জিনিলা। তুমি এতিয়া পুত্ৰ ভাৰ্য্যাৰে সৈতে সশৰীৰে স্বৰ্গলৈ গতি কৰা, এনে অৱস্থা অন্য লোকৰ দুষ্প্ৰাপ্য; কিন্তু তুমি আপোনাৰ কাৰ্য্যৰ দ্বাৰা তাক : লাভ