সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ১২৫ কাৰণে ৰজাই তেওঁক চিনিব নোৱাৰিলে। হৰিশ্চন্দ্ৰও অতি মলিন আৰু শুকান কাঠৰ নিচিনা হোৱা হেতু কুৱঁৰীয়েও তেওঁ কোন নেজানিলে। তেতিয়া ৰজাই সাপৰ বিষত গতায়ূস হোৱা বালকটিক ৰাজলক্ষ্মণযুক্ত দেখি ভাবিবলৈ ধৰিলে, “হায়! কোনোবা চক্ৰবৰ্ত্তী ৰজাৰ ঘৰত এই বালকৰ জন্ম হৈছিল; কিন্তু দুৰাত্মা যমে তাৰ এই দশা কৰিলে! ইয়াক দেখি মাকৰ কোলত শুই থকা মোৰ সন্তানটি মনত পৰে। যদি দুষ্ট যমে তাক মাৰি নিয়া নাই, তেন্তে মোৰ ৰোহিতাশ্বৰো আকৃতি আৰু বয়স ইয়াৰ তুল্য হব পায়।” সেই সময়তে কুৱঁৰীয়ে “হা পুত্ৰ! কাৰ শাপত আমাৰ এই কষ্ট হৈছে হা মহাৰাজ! হা নাথ! কলৈ গলা? মোৰ এই দুখৰ সময়ত এবাৰো মাত নলগোৱোঁ কিয়? তোমাৰ ৰাজ্য গল, বন্ধুবান্ধবেৰে বিচ্ছেদ হল, পুত্ৰ ভাৰ্য্যা বেচা গল। বিধাতা! হৰিশ্চন্দ্ৰ ৰজাৰ নো তুমি কি দুৰ্গতি নকৰিলা?” এই প্ৰকাৰে বিলাপ কৰি কান্দিবলৈ ধৰিলে। হৰিশ্চন্দ্ৰ ৰজাই তেওঁৰ এই বাক্য শুনি ভাৰ্য্যা আৰু মৃত পুত্ৰক চিনি পালে, আৰু এই জনী মোৰ শৈব্যা ভাৰ্য্যা, এইটি মোৰ সন্তান” এই বুলি অতিশয় দুখেৰে কান্দি মূৰ্চ্ছিত হল। কুৱঁৰীয়ে তেওঁক চিনি পাই আৰু তেওঁৰ তেনে দশা দেখি মূৰ্চ্ছিত হৈ মাটিত পৰিল। তাৰ পাচত দুয়ো চেতন পাই পুনৰায় বিলাপ কৰিবলৈ। হা