সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠমালা। হা শৈব্যা! হা পুত্ৰ | বিশ্বামিত্ৰৰ খঙ্গৰ দ্বাৰা ভাগ্যহীন হোৱা মোক এৰি তোমালোক কলৈ গল৷?” তেওঁ এইৰূপে সদায় বিলাপ কৰি কৰি চাণ্ডালৰ আদেশ পালি কাম কৰিবলৈ ধৰিলে; আৰু এই ভাগ ৰজাৰ, “এই ভাগ প্ৰধান চাণ্ডালৰ, এই ভাগ মোৰ', নিত্যে ইয়াকে কৈ জীয়াই থাকোঁতেই পুনজন্ম পোৱা যেন হল। বহু-গাঁঠি দিবা ফটা কঁথা তেওঁৰ শৰীৰৰ আবৰণ; মুখ, বাহু, পেট এই বিলাক চিতাৰ ভস্মেৰে এবং আঙ্গুলি আৰু ডিঙ্গি মৰাৰ তেজ, মংস আৰু তেলেৰে লিপ্ত; মৃতকৰ উদ্দেশে দিয়া অন্নেই তেওঁৰ আহাৰ, আৰু মৰাৰ মালা তেওঁৰ শিৰৰ ভূষণ হৈছিল। ৰাতি আৰু দিন কেতিয়াও তেওঁৰ টোপনি নাছিল, আৰু মুখত সদায় হায় হায় শব্দ; এইৰূপে হৰিশ্চন্দ্ৰ ৰজাই বাৰ মাহ গত কৰিলে। সেই কাল তেওঁৰ মনত এশ বছৰৰ সমান যেন লাগিছিল। হৰিশ্চন্দ্ৰ ৰজাই এই অৱস্থাত বাস কৰোঁতে এদিন তেওঁৰ কুৱঁৰীয়ে সৰ্পৰ দংশনত গতায়ুস তেওঁৰ লৰাটিক কোলাত লৈ “অ! পুত্ৰ! অ! বৎস! মোক এৰি কলৈ গলা? বাৰম্বাৰ এই বুলি অতি ক্ষীণ আৰু মলিন বেশেৰে শ্মশানলৈ আহি বিলাপ কৰিবলৈ ধৰিলে—“হে মহাৰাজ! আপুনি পূৰ্ব্বে এই লৰাটিক অতিশয় আনন্দেৰে ধেমালি কৰি ফুৰা দেখিছিল, আজি চাওক সি সাপৰ কামোৰত প্ৰাণ এৰি মাটিত পৰি আছে।” তেওঁৰ কান্দনৰ শব্দ শুনি পুতেকৰ কাপোৰ হৰণ কৰিবৰ কাৰণে ৰজা হৰিশ্চন্দ্ৰ বেগাই সেই ঠাইলৈ আহিল। কিন্তু ৰাজপত্নী বহুদিন কষ্টত থকাৰ নিমিত্তে বিবৰ্ণ আৰু কুৰূপ হৈ পুনৰ্জন্ম পোৱা যেন হৈছিল, এই