সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 পাঠমালা। ১২৩ কিছু কালৰ মূৰত মৰাৰ কাপোৰ হৰণ কৰা চণ্ডালৰ অধীনে হৰিশ্চন্দ্ৰ শ্মশানৰ ৰজা হল, আৰু সেই চাণ্ডালে তেওঁক মৰা শৱলৈ অপেক্ষা কৰি-দিনে ৰাতিয়ে মৰিশালিত থাকিবলৈ আদেশ কৰি কলে যে, 'প্ৰত্যেক শৱৰ কাপোৰৰ পৰা সি লাভ হয়, তাৰ ছ ভাগৰ এভাগ ৰজাৰ ঘৰত শোধাব লাগে, তিনি ভাগ মোৰ প্ৰাপ্য, আৰু দুভাগ তোৰ পৰিশ্ৰমৰ বেচ।” হৰিশ্চন্দ্ৰে সেই আজ্ঞা পাই বাৰণসীৰ দক্ষিণ ফালে থকা শ্মশানলৈ গল। সেই ঠাই কুকুৰ, শিয়াল, শগুণ আৰু মানুহৰ মূৰৰ খোলাৰে পৰিপূৰ্ণ, ধোয়াৰে আবৃত আৰু অত্যন্ত দুৰ্গন্ধি। সি মানুহৰ তেজ, মাংস আৰু তেলেৰে লিপ্ত। তাত ভূত, পিশাচ, ডাইনী আৰু যক্ষ- বিলাকে সদায় বাস কৰে, আৰু মৃতকৰ মিতিৰ কুটুমবিলাকে “হা পুত্ৰ! হা মিত্ৰ! হা বন্ধু! হা প্ৰিয়া! হা স্বামী! অ ভাই! ঔ ককাই! ঔ আই! ঔ মোমাই! ঔ ভগিন! কলৈ গলা?” এই বুলি অতিশয় দুখেৰে আৰু উচ্চস্বৰে কৰা চিৎকাৰৰ দ্বাৰা মানুহৰ কাণত তাল লাগিবলৈ ধৰিলে! আধ পোৰা শৱৰ ওঁঠ সঙ্কুচিত হৈ দাঁত দুপাৰি ওলোৱাত বোধ হয় যেন সি শৰীৰৰ এনে দশা হয় বলি ব্যঙ্গ কৰি হাঁহিছে। জুইৰ চট্‌ চট্‌ ধ্বনি, কাউৰীয়ে হাড় খোঁটাৰ শব্দ আৰু মৰাৰ মিত্ৰ-কুটুম্বৰ কান্দনৰ স্বৰ শুনি আনৰ বেজাৰ আৰু ভয় লাগে, কেবল চাণ্ডালে মাথোন আনন্দ পায়। ভূত, প্ৰেত, পিশাচবিলাকৰ কোহালত প্ৰলয়ৰ কাল হৈছে যেন বোধ হয়। হৰিশ্চন্দ্ৰ ৰজাই সেই ঠাই পাই অতিশয় শোকাকুলিত মনেৰে কবলৈ ধৰিলে, “হা মন্ত্ৰী! হা বিপ্ৰসকল! হা ভাতৃবিলাক।