সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। “যদি তই চাণ্ডালত বেচা গৈ উচিত সময়ত মোক দক্ষিণা নিদিয়, তেন্তে নিশ্চিয়ে তোক মই শাপিম।” তেতিয়া হৰিশ্চন্দ্ৰ ৰাজা চিন্তা-সাগৰত মগ্ন হৈ অতি বিহ্বল- ভাৱে চৰণত ধৰি কবলৈ ধৰিলে, “হে ঋষিৰাজ! মোৰ প্ৰতি প্ৰসন্ন হওক, মই আপোনাৰ ভক্ত, বৰ ভয় পাইছোঁ : যি অৱশিষ্ট ধন দিব লগীয়া আছে, তাৰ বাৱে মই আপোনাৰ দাস হৈ থাকিম অনুগ্ৰহ কৰি মোক চাণ্ডালৰ সঙ্গী হোৱাৰ কষ্টৰপৰা ৰক্ষা কৰোক।” এই বলি কাকূতি কৰাত বিশ্বামিত্ৰ ঋষিয়ে ৰজাক সম্বোধন কৰি কলে, “উত্তম কথা, তই যদি মোৰ দাস হৈছ তেন্তে মই এক অৰ্ব্বদ টকাৰ নিমিত্তে তোক এই চাণ্ডালত বেচিলোঁ!” এই কথা শুনি চাণ্ডালে অতিশয় আনন্দেৰে বিশ্বামিত্ৰক সেই ধন দিলে, আৰু ইষ্ট-বন্ধুৰ বিয়োগত ব্যাকুল হৈ থকা ৰাজাক বান্ধি টোকোনেৰে টঙ্গনিয়াই আপোনাৰ ঘৰলৈ লৈ গল। তেতিয়া হৰিশ্চন্দ্ৰ ৰজাই সেই চাণ্ডালৰ ঘৰত থাকি সদায় ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি ইয়াকে মাত্ৰ কৈছিল যে, “হায়! মোৰ সেই ম্লানমুখী ভাৰ্য্যাই লৰাটিব মলিন মুখ দেখি, কি জানি, এই দৰে ভাবিছে, ৰজাই ধন ঘটিব, আৰু ৰামুণক টক। দি আমাক মোলাব'; কিন্তু হায়! মই যে কি ঘোৰ পাতক কৰিছোঁ, সেই মৃগাক্ষীয়ে তাক নেজানে। মোৰ ৰাজ্য গল, বন্ধুবিচ্ছেদ হল, স্ত্ৰী পুত্ৰ বেচা গেল, শেষত আপুনিও চাণ্ডালতাক পালোঁ। হায় হায়! ম‍ই কিমান দুখ ভোগ কৰিব লাগিছোঁ! মোৰ কি কপাল!” সৰ্ববস্বহীন হোৱা সেই ৰজাই এইৰূপে নিতৌ পৰমপ্ৰিয় পুত্ৰ ভাৰ্য্যাক সুৱঁৰি অতিশয় দুখেৰে কাল নিয়াবলৈ ধৰিলে।