সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯ পাঠ। হৰিশ্চন্দ্ৰৰ উপাখ্যান ( ক্ৰমাগত ) The Story of Raja Harish Chandra (Continued.) বিশ্বামিত্ৰ গলত ৰজা ভয় আৰু শোকসাগৰত তল গল, পাচে সকলো কথা গমি উচ্চস্বৰে এই কথা কলে, “মোক ধন দি দাস কৰিলবৰ যদি কোনো লোকৰ আৱশ্যক আছে, তেন্তে তেওঁ শীঘ্ৰে সূৰ্য্যদেৱতা অস্ত নৌ হওঁতেই, সেই কথা কওক।” এই কথাৰ অন্তত অতি কুৰূপ, কুকুৰবিলাকেৰে আবৃত আৰু হাতত টোকোন লোৱা এটা চণ্ডালে আহি বুলিলে, “হেৰা! ম‍ই তোক কিনিব খুজিছোঁ, তোৰ বেচ কি? অলপ নে বহুত, বেগেতে ক৷” ৰজাই তাৰ সে বিকট আকৃতি আৰু তাক অতি নিদয় যেন দেখি সুধিলে, “তুমি কোন?” চণ্ডালে উত্তৰ কৰিলে, “মই এই ঠাইৰ প্ৰবীৰ নামেৰে চাণ্ডাল, মৰা মানুহৰ কাপোৰ বেচি উপজীব্য কৰোঁ; ইয়াক এই নগৰৰ সকলোৰে জানে।” তাতে ৰজাই উত্তৰ দি বুলিলে, “মই চাণ্ডালৰ দাসত্বৰূপ গৰ্হিত কাৰ্য্য কৰিবলৈ ইচ্ছক নহওঁ; ঋষিৰ শাপত বৰং দগ্ধ হম, তেও চণ্ডালৰ অধীন হব নোৱাৰোঁ৷” তেওঁ এই কথা কওঁতেই বিশ্বামিত্ৰ উপস্থিত হল হি, আৰু খঙ্গেৰে চকু পকাই ৰজাক কলে, “এই চাণ্ডালে তোক বহুত ধন দিব খুজিছে, সেই ধন লৈ মোক যজ্ঞৰ দক্ষিণা নিদিয় কিয়?” ৰজাই কলে “প্ৰভু! আপুনি জানে, মই সূৰ্য্য-বংশত জন্ম, ধনৰ লোভত কেনেকৈ চাণ্ডালৰ দাস হম? এই কথা শুনি বিশ্বামিত্ৰে বুলিলে