সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১২০ পাঠ-মালা। ভাৰ্য্যা এতিয়া লোকৰ দাসী হল। সূৰ্য্য-বংশত জাত এই সুকুমাৰ লৰাটিও বেচা গল। হা ধিক্‌! মোৰ সমান দুৰ্ম্মতি মানুহ পৃথিবীত নাই। হা প্ৰিয়ে! হা পুত্ৰ! মোৰ, অনাৰ্য্যৰ পাপৰ দ্বাৰা তোমালোকৰ এনে দশা হৈছে; তথাপি মোৰ প্ৰাণ যোৱা নাই। ধিক্ ধিক্‌!” এইৰূপে ৰাজাই বিলাপ কৰি থাকোঁতেই সেই বামুণে কোৱঁৰ আৰু কুৱঁৰীক লৈ গৈ অনেক ওখ গছ আৰু ঘৰৰ আঁৰ হল; এনেতে বিশ্বামিত্ৰ পুনৰায় ৰজাক ধন খুজিলে হি। তাতে হৰিশ্চন্দ্ৰে স্ত্ৰী পুত্ৰকে বেচি পোৱা ধন তেওঁক সমৰ্পিলে। কিন্তু সেই ধন অলপীয়া দেখি ঋষিয়ে শোকান্বিত ৰাজাক মাত লগাই বুলিলে, “দুৰাচাৰ ক্ষত্ৰিয়! মোক যজ্ঞৰ দক্ষিণ৷ ইমান হে দিয় নে? ই মোৰ যোগ্য হৈছেনে? আজি মই তোক মোৰ শক্তি দেখাম। তই মোৰ তপস্যা, নিৰ্ম্মল ব্ৰহ্ম-তেজ, উগ্ৰ প্ৰভাৱ আৰু বেদ-পাঠৰ ক্ষমতা বুজিবি।” এই কথা শুনি ৰজাই কাকূতি কৰি কলে, “হে প্ৰভু! পুত্ৰ ভাৰ্য্যা, দুইকো বেচি যি ধন পাইছিলোঁ, সেই সকলোখিনি আপোনাক দিছোঁ, আৰু মোৰ ধন নাই; আন এক সময়ত বাকী ধন দিম, আজিলৈ মোক ক্ষমা কৰোক।” তেতিয়া বিশ্বামিত্ৰে উত্তৰ দি বুলিলে, “এই দিনৰ দি চতুৰ্থ ভাগ অৱশিষ্ট আছে, সেইখিনি কাল মই অপেক্ষা কৰিম, আৰু অধিক কথা নকবি।” এইৰূপে নিৰ্দ্দয় আৰু কৰ্কশ কথা কৈ, ৰজাই দিয়া ধন লৈ কৌশিক ঋষিয়ে প্ৰস্থান কৰিলে।