সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা নিলে। মাকক এই দৰে দিয়া দেখি শিখণ্ড-ধাৰী ৰাজকুমাৰ ৰোহিতাশ্বে মাকৰ আঁচল টানিবলৈ ধৰিলে। তেতিয়া ৰাজপত্নীয়ে অতিশয় কাতৰ মাতেৰে কলে, “হে আৰ্য্য! হে পিতৃ! মোক আলপমান এৰোক, ম‍ই মোৰ লৰাটিক চাই লওঁ, পাচে আৰু ইয়াক দেখিবলৈ নেপাওঁ এই বুলি পুতেকক সম্বোধন কৰি কলে, “হে ৰাজকুমাৰ! ম‍ই এতিয়া লোকৰ দাসী হলোঁ, তোমাৰ মই অস্পৃশ্যা মোক মুছুবা।” তেতিয়াও মাকক টানি নিয়া দেখি সেই বালকে “আই আই” বুলি পাচে পাচে যাবলৈ ধৰিলে; সেই কাৰণে ক্ৰোধান্বিত হৈ, ব্ৰাহ্মণে কোৱঁৰক গোৰ মাৰি দিলে, তথাপি বালকে মাকৰ আঁচল নেৰিলে, তাতে ৰাজপত্নীয়ে অতি বিনয়-বাক্যেৰে বুলিলে, হে নাথ! আপুনি অনুগ্ৰহ কৰি এই লৰাটিকে৷ কিনি লওক; কিয়নো আপুনি মোক কিনিছে হয়; কিন্তু ই মোৰ লগত নেথাকিলে মই আপোনাৰ কোনো কাম কৰিব নোৱাৰিম। এতেকে, এই হতভাগিনীৰ প্ৰতি প্ৰসন্ন হওক, আৰু গাইৰে সৈতে দামুৰিৰ দৰেমোৰে সৈতে মোৰ সন্তানটিক লগ লাগাওক।” তেতিয়া ব্ৰাহ্মণে ৰাজাক সম্বোধন কৰি কলে, “মোৰ হাতত ধনৰ যি অৱশেষ আছে তাক লৈ এই লৰাটো মোক দে।,” এই বুলি তেওঁৰ কাপোৰত ধন বান্ধি দিলে, আৰু লৰাটিক মাকে সৈতে একে লগে বান্ধি আঁজুৰি লৈ গল। তেতিয়া স্ত্ৰী- পুত্ৰক এইৰূপে লৈ যোৱা দেখি ৰজাই মহাশোকেৰে বিলাপ কৰিবলৈ ধৰিলে,—“হায় হায়! যাক চন্দ্ৰ, সূৰ্য্য, বায়ু আৰু ইতৰ মানুহে কেতিয়াও দেখিবলৈ নেপাইছিল, মোৰ সেই