সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

455 পাঠমালা। দৰে আচৰণ কৰোক, তেনেহলে ঋষিৰ শাপাগ্নিৰ দ্বাৰা ভস্ম হব নেলাগিব? পুনঃ পুনঃ কুৱঁৰীয়ে এইৰূপে উদগোৱত ৰজাই কলে, “প্ৰিয়ে! ম‍ই নিকৰুণ তোমাক বিকিম, এনে দুৰ্ব্বাক্য যদি মোৰ মুখে ওলায়, তেন্তে ঘোৰ নিষ্ঠুৰ মানুহেও যাক কৰিব নোৱাৰে, মই আজি সেই কাম কৰিম।” ভাৰ্য্যাক এই কথা কৈ ৰজা অতিশয় শোকত চকুৰ লোতকেৰে তিতি নগৰলৈ গল, আৰু গদগদ মাতেৰে উচ্চস্বৰে কলে, “হে নগৰীয়া লোক সকল! মোৰ কথা শুনা, আৰু যদি মই কোন, তাক সোধা তেন্তে মই মানুহ নহওঁ, ৰাক্ষস, নাইবা ঘোৰ নিষ্ঠুৰ আৰু মহাপাপী বুলি জানিবা; কিয়নো মই মোৰ প্ৰিয় ভাৰ্য্যাকো বেচিবলৈ আহিছোঁ, তথাপি মোৰ প্ৰাণ যোৱা নাই। মোৰ প্ৰাণপ্ৰিয়াক দাসী কৰি লবৰ যদি তোমালোকৰ কোনো জনৰ প্ৰয়োজন আছে, তেন্তে, তেওঁ শীঘ্ৰ মোৰ জীৱন নৌ যাওঁতেই, সেই কথা কওক।” এনে সময়তে এজন বুঢ়া বামুণ আহি ৰজাক মাত লগাই, বুলিলে, মই ধন দি কিনো, মোক দাসী দে মোৰ বহু ধন আছে, আৰু মোৰ ভাৰ্য্যা অতি সুকুমাৰী, তেওঁ ঘৰৰ কাম কৰিব নোৱাৰে এতেকে মোক এজনী দাসী লাগে। কাৰ্য্য-দক্ষতা, বয়স, ৰূপ আৰু স্বভাৱৰ উচিত তোৰ ভাৰ্য্যাৰ এই মূল্য মই দিছোঁ, মোক সেই তিৰোতা দে। ব্ৰাহ্মণৰ এই কথা শুনি হৰিশ্চন্দ্ৰ ৰাজাৰ শোকেৰে বুকু ফাটি যোৱা যেন হৈ মুখে মাত নোলাল। তেতিয়া সেই বামুণে ৰজাৰ বাকলি বসনৰ আঁচলত ধন বান্ধি দি ৰাজ-মহিষীৰ হাত বান্ধিলে, আৰু চুলিত ধৰি টানি