পৃষ্ঠা:পাঠ-মালা.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

30 পাঠমালা। [ A GARLAND OF LESSONS.] বালকবিলাকৰ প্ৰতি সম্বোধন ( Address to the Boys.) হে প্ৰিয় লৰাবিলাক ! তোমালোকে দেখিছা যে, আমাৰ দেশাধিকাৰসকলে তোমালোকৰ হিতৰ নিমিত্তে ধন ভাঙ্গি পঢ়াশালি পাতি দিছে ৷ এনে সূচল পায়ে। যদি তোমালোকে বিদ্য৷ আর্জি জ্ঞানী নোহোৱঁাঁ, তেন্তে সি কেৱল তোমালোকৰ দোষ। তোমালোকে জানিব৷, লৰা-বয়সত হে বিদ্যা শিকিবৰ সময় । সেই অমূল্য সময় যদি এলাহত বা ধেমালিত খেদোৱাঁ, তেনেহলে বুঢ়াকালত শোক কৰিব লাগিব ৷ সময় পাখি লগা কাঁড়ৰ দৰে উৰি যায় আৰু সি গলে বহুত ধন-ৰত্ন দিও তাক ওলটাই আনিব নোৱাৰি। এতেকে এতিয়া তোমালোকৰ হাতত যি সময় আছে, তাক জ্ঞান-বিদ্যা শিকাত নিযুক্ত কৰিলে সি ধৰি ৰখাৰ তুল্য হব ; নাইব। শুদায় উৰি যাব, আৰু তাক নোপোৱ৷৷ মই তোমালোকৰ নিজৰ ভালৰ নিমিত্তেহে এই কথা কৈছোঁ, এতেকে মোৰ সেই সজ আলচলৈ আওহেল৷ নকৰিবা ৷ 1