সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল!। ১১৭ শুকাই গৈছে, মোক কি আছে খাবলৈ দিয়া।” এই বুলি কান্দিবলৈ ধৰিলে। এনে সময়তে মহৰ্ষি বিশ্বামিত্ৰ কালান্তক যমৰ নিচিনা খঙ্গেৰে দক্ষিণাৰ ধন খুজিবলৈ আহি উপস্থিত হল, আৰু ৰজা হৰিশ্চন্দ্ৰক মূৰ্চ্ছিত হৈ মাটিত পৰি থকা দেখি তেওঁৰ মূৰত কমণ্ডলুৰ পানী ছটিয়াই এই দৰে বুলিলে, “হে ৰাজেন্দ্ৰ! উঠাঁ, মোক ধৰুৱা মানুহৰ নিত্যে নিত্যে দুঃখ বাঢ়ি অঙ্গীকৃত দক্ষিণ৷ দিয়া। ! যায়। সেই শীতল জলৰ স্পৰ্শত ৰজাই চেতন পাই বিশ্বামিত্ৰক দেখিলে, আৰু পুনৰায় মূছকঁছ গল। তাতে তেওঁ বৰ ৰাগান্বিত হৈ ৰাজাক সম্বোধন কৰি বুলিলে, “যদি তোমাৰ ধৰ্ম্ম ৰক্ষাৰ ইচ্ছা আছে, তেন্তে মোক তোমাৰ অঙ্গীকৃত দক্ষিণা দিয়া। সত্য ৰক্ষা কৰিবৰ নিমিত্তেই সূৰ্য্যে দীপ্তি দিছে সত্যতে পৃথিবী ৰৈ আছে, সত্যেই পৰম ধৰ্ম্ম বুলি উক্ত হৈছে; স্বৰ্গো সত্যতে আছে; এহেজাৰ অশ্বমেধ আৰু এক সত্যক তুলত জুখিলে অশ্বমেধ হাজাৰেতকৈ সত্য গধুৰ হয় কিন্তু তুমি অনাৰ্য্য, পাপ- মতি ক্ৰুৰ আৰু মিছলীয়া। তোমাক এই বিলাক কথা কোৱাৰ প্ৰয়োজন নাই; তথাপি হে ৰাজা! ম‍ই তোমাক সদ্ভাৱেৰে কওঁ শুনা, আজি তুমি বেলি মাৰ যোৱাৰ আগেয়ে যদি মোক দক্ষিণা নিদিয়া, তেন্তে মই তোমাক নিশ্চয় শাপি ভস্ম কৰিম। এই কথা কৈ তেওঁ উলটি গল। ইফালে “কলৈ যাম? কি কৰিম? কাক ধন খুজিম?” এইৰূপ চিন্তা আৰু ভয়ত ৰজা বিহবল হল। তেওঁৰ তেনে অৱস্থা দেখি তেওঁৰ ভাৰ্য্যাই পুনৰায় তেওঁক মাত লগাই বুলিলে, “মহাৰাজ! আপুনি মোৰ কথাৰ