সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
পাঠ-মালা।

যে মোক এনে কথা কলা, ই বৰ দুখৰ বিষয়।পৰম প্ৰীতিৰে আমি হাঁহি-মুখেৰে আলাপ কৰিছিলোহঁক,মোৰ পাপৰ গুণে তুমি তাকো পাহৰিলা নে? হায়! হায়!এনে নিষ্ঠুৰ কথা তুমি কেনেকৈ কলা? সি দুৰ্ব্বচন, মই তাক কেনেকৈ পালন কৰিম?” এই কথা বুলি ৰজাই আপোনাক অনেক বাৰ ধিক্কাৰ কৰিলে, আৰু পুনৰায় মুছকঁছ গৈ ঢলি মাটিত পৰিল।

৮ পাঠ।
হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান (ক্ৰমাগত )
Story of Raja Harish Chandra ( Continued. )

 তেতিয়া হৰিশ্চন্দ্ৰক এই দৰে মাটিত পৰি থকা দেখি তেওঁৰ কুৱঁৰীয়ে অত্যন্ত শোকেৰে কবলৈ ধৰিলে, “হায়! কাৰ অভিশাপত তোমাৰ এই দশা হৈছে? পূৰ্ব্বে তুমি মৃগৰ নোমেৰে বোৱা বহুমূল্য কাপোৰেৰে আবৃত শয্যাত শুইছিলা, আজি মাটিত পৰি আছা। হে স্বামী! তুমি আগেয়ে কোটি কোটি টকা ব্ৰাহ্মণক দান কৰিছিলা, আজি মাটিত শুইছা। হায়! কি দুখ! দৈৱৰ কেনে শক্তি! সি ইন্দ্ৰ আৰু বিষ্ণুৰ তুল্য এই মহাৰাজাৰ এনে দুৰ্গতি কৰিছে!” এই কথা কৈ স্বামীৰ দুখ সহিব নোৱাৰি তেৱোঁ মূৰ্চ্ছি‌তা হল। পিতৃ-মাতৃক এইৰূপ মুছকঁছ গৈ মাটিত পৰি থকা দেখি লৰাটিয়ে “হে পিতৃ! পিতৃ! অ! আই! আই! উঠা, মোৰ বৰকৈ ভোক লাগিছে, মুখ