সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। ১১৫ তেন্তে ব্ৰহ্মস্ব হৰণৰ পাপৰ নিমিত্তে কৃমি কীট হব লাগিব, আৰু মোৰ কেতিয়াও সদগতি নহব।” এইৰূপে চিন্তা কৰি কৰি ৰজা অতিশয় ব্যাকুল হল। ৰজাক চিন্তিত আৰু মূৰ দোৱাই দুঃখিত ভাবে থকা দেখি তেওঁৰ পত্নীয়ে শোকাকুল আৰু গদগদ মাতেৰে ৰজাক সম্বোধন কৰি, কবলৈ ধৰিলে, “মহাৰাজ! ভাৱনা৷ ত্যাগ কৰোক, আপোনাৰ সত্যক ৰক্ষা কৰোক, সত্য-ভ্ৰষ্ট মানুহ শ্মশানৰ দৰে বৰ্জ্জনীয়; হে পুৰুষ শ্ৰেষ্ঠ! সত্যৰক্ষাতকৈ আন ধৰ্ম্ম নাই। যি আপোনাৰ বাক্য নেৰাখে তাৰ হোম, যজ্ঞ, বেদ-পাঠ আৰু দান ইত্যাদি সকলো কাৰ্য্য নিস্ফল! ধৰ্ম্মশাস্ত্ৰে সত্যক সকলোতকৈ শ্ৰেষ্ঠ বুলি কৈছে। সত্যক ৰক্ষা কৰিলে যেনেকৈ সদগতি হয়, নকৰিলেও সেই দৰে অধোগতি হয়! যি লোকে সাতোটা অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ কৰিছে, তেৱোঁ এবাৰ অসত্য কথা কলে স্বৰ্গৰপৰা পতিত হয়। মহাৰাজ! “মোৰ পুত্ৰ কান্দিবলৈ ধৰিলে, আৰু হৈছে”–এই বুলি কুৱঁৰীয়ে বৰকৈ লোতকেৰে তেওঁৰ চকু আবৃত দেখি ৰজাই তেওঁক এইৰূপে কলে, “কল্যানি! তোমাক কন্দা দেখি লৰাটিয়ে ভয় খাইছে, শোক এৰা আৰু কি কব খুজিছিলা শীঘ্ৰে কোৱাঁ।” স্বামীৰ কথা শুনি কুৱঁৰীয়ে বুলিলে, “মহাৰাজ! সন্ত সকলে পুত্ৰৰ নিমিত্তেই ভাৰ্য্যাৰ প্ৰয়োজন বুলি কৈছে; মোৰ পুত্ৰ আছে; এতেকে মোক বেচি যি ধন পায়, তাৰেই ঋষিক দক্ষিণ দিওক।” এই কথা শুনি ৰাজা মূৰ্ছিত হল পাছে পুনৰ জ্ঞান পাই বৰ শোকেৰে বিলাপ কৰি কবলৈ ধৰিলে, “ভদ্ৰে। তুমি