সমললৈ যাওক

পৃষ্ঠা:পাঠ-মালা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ পাঠ-মালা। এই দৰে শৈব্যা ভাৰ্য্যা আৰু শিশু সন্তানটিৰে সৈতে লাহে-লাহে গৈ তেওঁ দিব্য বাৰাণসী নগৰ পালে। এই নগৰত কোনো মানুহৰ অধিকাৰ নাই, সি সদাশিৱৰ সম্পত্তি; এতেকে হৰিশ্চন্দ্ৰ ৰাজ্যদান কৰাৰপৰা বিশ্বামিত্ৰৰ তাত অধিকাৰ জন্মা নাছিল। ৰজাই ভাৰ্য্যাপুত্ৰেৰে সৈতে অতি দুখেৰে খোজ কাঢ়ি গৈ সেই নগৰত সোমায়ে বিশ্বামিত্ৰক দেখা পালে। তেতিয়া হৰিশ্চন্দ্ৰই অতি বিনীতভাবে হাতযোৰ কৰি বুলিলে, “হে ঋষিৰাজ! এই মোৰ প্ৰাণ, এইটি মোৰ পুত্ৰ আৰু এই জনা ভাৰ্য্যা, এই বিলাকৰ ভিতৰৰ যাৰ দ্বাৰা আপোনাৰ কাৰ্য্য চলে, তাকে আপুনি গ্ৰহণ কৰোক, নাইবা, আমি আন কি কৰিব লাগে, আজ্ঞা কৰোক!” এই কথা শুনি বিশ্বামিত্ৰে উত্তৰ দিলে, “মহাৰাজ! এমাহ পূৰ হৈ গল, তোমাৰ যদি নিজৰ প্ৰতিজ্ঞা মনত আছে, তেন্তে মোক দক্ষিণা দিয়া।” ৰজাই উত্তৰ কৰিলে, “হে তপোধন! আজিয়েই মাহৰ মূৰ পৰিছে মাথোন; এই দিনৰ এতিয়াও আধা শেষ আছে, এই আধা দিন আপুনি বাট চাওক, অধিক কাল অপেক্ষা কৰিব নেলাগে।” বিশ্বামিত্ৰে কলে, “উত্তম কথা, মই পুনৰায় আহিম, কিন্তু আজিৰ দিনৰ ভিতৰতে দক্ষিণা নিদিলে মই নিশ্চয়ে শাপ দিম।” এই কথা কৈ তেওঁ গুচি গল। ইফালে “মোৰ অঙ্গীকৃত দক্ষিণা কেনেকৈ দিম? মোৰ ধন নাই, ধনৱন্ত মিতিৰে৷ নাই; দক্ষিণাৰ ধন কত পাম? দান লবৰ মোৰ অধিকাৰ নাই; এতেকে ভিক্ষা কৰিবও নোৱাৰোঁ। প্ৰাণকে পৰিত্যাগ কৰিম নে কি? নাইবা কি কৰিম? কলৈ যাম? অঙ্গীকাৰ ৰক্ষা নৌ কৰোঁতেই যদি মোৰ মৃত্যু হয়,