পৃষ্ঠা:পাঠ-মালা.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । যাওঁতে তেওঁৰ ভৃত্যবিলাক হাতীত উঠি আগে আগে গৈছিল, সেই মহাৰাজা হৰিশ্চন্দ্ৰ আজি খোজ কাঢ়ি যাব লাগিছে ।” “হে ৰাজেন্দ্ৰ ! আপোনাৰ সুকুমাৰ আৰু উত্তম ভ্ৰূৱেৰে শোভিত মুখত বাটৰ ধূলি পৰি তাৰ কেনে অৱস্থ| হব! হে নৃপতিশ্রেষ্ঠ'! আপুনি যাব নেলাগে, নগৰত থাকোক, আৰু স্বধৰ্ম্ম প্ৰতিপাল কৰোক দুখীয়াৰ দুখ গুচোৱাই ক্ষত্রিয়বিলাকৰ ঘাই ধৰ্ম্ম, তাৰ অনুশীলন কৰোক । আপুনি আমাক এৰি গলে পুত্র, ভাৰ্য্যা, ধন আৰু ধানৰপৰ৷ আমাৰ কি লাভ হব ? এই সকলোকে পৰিত্যাগ কৰি আমি ছাঁৰ দৰে আপোনাৰ পাচে পাচে যামহঁক। হে নাথ ! হে মহাৰাজ ! হে স্বামী! আমাক কিয় এৰি যায়? আপুনি যতে থাকে, আমিও তাতে থাকিলেই আমাৰ সুখ ; আপুনি যত থাকে ; সেয়ে আমাৰ স্বৰ্গ; আপুনি যত নাই, সেই ঠাই আমাৰ সম্বন্ধে নৰকৰ তুল্য।” প্ৰজাবিলাকৰ এই বাক্য শুনি ৰজ৷ অতিশয় শোকাৰ্ত্ত হল আৰু সিবিলাকৰ মৰমত যাবলৈ এৰি বাটত ৰল ৷ ৰজাক বাটত ৰৈ থকা দেখি বিশ্বামিত্ৰৰ খং উঠিল, আৰু সেই ঠাইলৈ আহি কবলৈ ধৰিলে— “ধিক্‌ দুষ্ট ! ধিক্ ! তই মিথ্যাবাদী। মোক ৰাজ্য দান কৰি তই আকও তাক লব খুজিছ।” ৰজাই এই কর্কশ কথা শুনি কম্পিতভাৱে “মই যাওঁ” এই বুলি ভাৰ্য্যাৰ হাতত ধৰি পুনৰায় যাবলৈ আৰম্ভ কৰিলে। তেওঁ এই দৰে সেই সুকুমাৰী, শ্ৰমাতুৰা, প্ৰিয়৷ ভাৰ্য্যাক হাতত ধৰি লৈ যাওঁতে বিশ্বামিত্ৰে হাতৰ লাখুটিৰে কুৱঁৰীক প্ৰহাৰ কৰিলে; কিন্তু তেওঁক সেইৰূপে মৰা দেখিও হৰিশ্চন্দ্ৰে “মই যাওঁ” এই কথাত বাজে আন একো নকলে ! ১১৩