পৃষ্ঠা:পাঠ-মালা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । কিমান কাল অপেক্ষা কৰিব লাগিব, তাক কোৱঁ৷৷” বজাই উত্তৰ কৰিলে, “সম্প্ৰতি মোৰ ধন নাই, এমাহৰ মূৰত আপোনাক দক্ষিণা দিম ; মোক যাবলৈ অনুমতি কৰোক।” তেতিয়| বিশ্বামিত্ৰে কলে “মহাৰাজ ! যাওক, নিজ ধৰ্ম্মৰ পালন কৰোক, বাটত আপোনাৰ কুশল হব, আৰু শত্ৰুৱেও নাপ পাওক ।” ১১২ ৭ পাঠ। হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান (ক্রমাগল ) Story of Raja Harish Chandra (Contined. ) ইৰূপে অনুমতি পাই ৰজা খোজ কাঢ়ি নগৰৰপৰা যাবলৈ ওলাল ; তাতে ভাৰ্য্যা আৰু পুত্ৰে সৈতে বাকি যোৱা দেখি প্রজাবিলাকেও তেওঁলোকৰ লগত যাবৰ উপক্ৰম কৰি কবলৈ ধৰিলে,—“হে নাথ ! আমাক দুখত পেলাই আপুনি কলৈ যায় ? আপুনি ধৰ্ম্মপৰায়ণ, দুখীয়াক দয়া কৰোঁতা ; ধৰ্ম্মত যদি আপোনাৰ শ্ৰদ্ধা আছে, তেন্তে আমাকে৷ লৈ যাওক। হে মহাৰাজ ! আপুনি অলপ পলম কৰোক, আমি আপোনাব মুখ-পদ্ম চাই লওঁহঁক ; আমাৰ চক্ষু-স্বৰূপ ভ্ৰমৰে তাৰ মধু পান কৰোক। পুনৰায় আৰু আমি আপোনাকে কেতিয়া দেখিবলৈ পাম ? হায় হায় ! যিজনা পূৰ্ব্বে ফুৰিবলৈ ওলালে, তেওঁৰ আগে পাচে বজাবিলাক গৈছিল, আজি তেওঁৰ পাচত পুত্রটি লৈ তেওঁৰ ভাৰ্য্যাই গমন কৰিছে । যিজনা আগেয়ে কোনো ঠাইলৈ 1