পৃষ্ঠা:পাঠ-মালা.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । নহল নে ?” হৰিশ্চন্দ্ৰই উত্তৰ কৰিলে, “দান কৰাৰ আগেয়ে মই যেতিয়া পৃথিবীৰ ৰাজা আছিলোঁ, তেতিয়াও আপুনি সকলোৰে গৰাকী আছিল ; আজি আপুনি ৰজা হৈছে, এতিয়া আৰু সেই বিলাকত আপোনাৰ অধিকাৰ হব, তাত সংশয় কি ?” এই কথা শুনি বিশ্বামিত্ৰে বুলিলে, “যদি তুমি মোক ৰাজ্য দান কৰিলা, আৰু সমুদায় পৃথিবী মোৰ হল ; তেন্তে তোমাৰ কটি- সূত্র আদি কৰি সকলে৷ অলঙ্কাৰ খহাই থৈ তুমি বাকলি বসন পিন্ধি ভাৰ্য্যাপুত্ৰেৰে সৈতে মোৰ দেশৰপৰা বাজ হোৱাঁ।” হৰিশ্চন্দ্ৰ ৰজাই বজ্ৰ-পাতৰ সমান এই বাক্য শুনি ক্ষণেক কাল নীৰব হৈ আছিল, পাচত ব্ৰহ্ম-শাপৰ ভয়ত সৰ্ব্বস্ব ত্যাগ কৰিবলৈ নিশ্চয় কৰি ঋষিৰ কথতে মান্তি হল, আৰু তেওঁৰ ভাৰ্য্যা শৈব্যা আৰু পুতেকটিৰে সৈতে নগৰৰপৰা যাত্ৰা কৰিলে । এনেতে বিশ[ মিত্র ঋষিয়ে বাট ভেঁটি ধৰি বুলিলে, “তুমি দানৰ উপযুক্ত দক্ষিণা নিদিয়াকৈ কলৈ যোৱা ?° ৰজাই উত্তৰ কৰিলে, “হে ঋষিৰাজ এই সমুদায় ৰাজ্য আপনাক দান কৰিলে৷ আমাৰ তিনটি দেহ মাথোন অবশিষ্ট আছে।” বিশ্বামিত্রে বুলিলে, “তথাপি তোমাৰ অঙ্গীকৃত দক্ষিণ৷ অৱশ্যে দিব লাগে৷ অঙ্গীকাৰ কৰা বস্তুৰ দান, শত্ৰুৰে সৈতে যুদ্ধ আক আৰ্ত্ত মানুহক ৰক্ষা কৰিব লাগে বুলি পূৰ্বেব তুমিয়েই কৈছা।” ঋষিৰ কথাত অতিশয় দুঃখিত হৈ ৰজাই কলে, “প্রভু ! দক্ষিণা দিবৰ নিমিত্তে সম্প্ৰতি মোৰ হাতত ধন নাই, পাচে দিম । মোৰ মনৰ ভাৱ বিশুদ্ধ, আপু তাক গমি চাই মোৰ প্ৰতি প্ৰসন্ন হওক।” বিশ্বামিত্ৰে বুলিলে, “দক্ষিণা পাবৰ নিমিত্তে মই ১১১