পৃষ্ঠা:পাঠ-মালা.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল৷ আৰু শত্ৰুৰে সৈতে ৰণ কৰিব লাগে।” ৰজাৰ উত্তৰ সাঙ্গ হলত বিশ্বামিত্রে কলে, “মই ব্রাহ্মণ, যদি আপোনাৰ ৰাজ-ধৰ্ম্মৰ বোধ আছে, তেন্তে মোক মোৰ বাঞ্ছিত বস্তু দান কৰোক।” ঋষিব এই বাক্য শুনি ৰজাই পুনৰায় প্ৰাণ পালে যেন ভাবি, আতিশয় আনন্দেৰে বিশ্বামিত্রক কলে, “হে ভগবান! আপোনাক কি লাগে নিশঙ্ক মনেৰে কওক, আৰু যদিও সেই বস্তু দুর্লভ হয়, তেও আপোনাক তাক দিলোঁ বুলি মানোক। মোৰ সোণ, ৰূপ, পুত্ৰ, ভাৰ্য্যা, শৰীৰ, প্ৰাণ ৰাজ্য, নগৰ, সকলো ধন সম্পত্তি, এই বিলাকৰ ভিতৰৰ আপোনাক যিহকে লাগে, কোৱ! মাত্রেই মই তাক দিম৷” তেতিয়া বিশ্বামিত্ৰে বুলিলে, “মহাৰাজ ! আপোনাৰ দান মই গ্ৰহণ কৰিলোঁ; আপুনি এতিয়া দানৰ যোগ্য দক্ষিণা দিওক ৷” বিশ্বামিত্ৰৰ কথা শুনি ৰজাই উত্তৰ, কৰিলে, “ঋষিৰাজ ! কি বস্তুৰ দান পাবৰ আপোনাৰ বাঞ্ছা, প্রথমতে তাক কওক ; দানৰ অন্তত উচিত দক্ষিণ৷ অৱশ্যে দিম ।" বিশ্বামিত্ৰে বুলিলে, “গাওঁ, নগৰ, পৰ্ব্বত আৰু সাগৰে সৈতে এই পৃথিবী, হাতী, ঘোঁৰ৷ আক ৰথে সৈতে ৰাজ্য, ধন, আক ধনৰ ভঁৰাল এই সমুদায়, তদ্ভিন্ন পুত্র, ভাৰ্য্যা, নিজ শৰীৰ আৰু লগত যোৱা ধৰ্ম্মত বাজে, অন্যান্য যি বস্তু আছে, সেই সকলোকে মোক দান কৰোক।” ঋষিব বাক্য শুনি ৰাজা হৰিশ্চন্দ্ৰই অতিশয় আনন্দিত মনেৰে আৰু হাঁহি-মুখেৰে কৃতাঞ্জলি হৈ “তথাস্তু” বুলি সমুদায় দান কৰিলে । দানৰ অন্তত বিশ্বামিত্রে বুলিলে, “মহাৰাজ ! ৰাজ্য, পৃথিবী, জন সকলোকে যদি দান কৰিলা, তেন্তে সেই বিলাকত কাৰ অধিকাৰ হল, মোৰ