পূৰ্ব্বে ত্ৰেতা যুগত “হৰিশ্চন্দ্ৰ” নামেৰে মহাধৰ্ম্মী আৰু সুবিখ্যাত এজনা ৰজা আছিল। তেওঁৰ ৰাজ্যত দুৰ্ভিক্ষ, ৰোগ আৰু কাৰো অকালত মৃত্যু নহৈছিল, আৰু কোনো প্ৰজাৰ অধৰ্ম্মত মতি নাছিল। এদিন তেওঁ মৃগয়াৰ নিমিত্তে বনলৈ গৈ, কোনো এজন তিৰোতাই কাতৰ-ভাবে “মোক ত্ৰাণ কৰাঁ” বুলি বাৰম্বাৰ চিঞৰা শুনিলে। তেতিয়া, ৰজাই মৃগয়া ত্যাগ কৰি “মই শাসন কৰা দেশত কোনে অন্যায় আচৰণ কৰিছে? বলৱন্ত আৰু পৰাক্ৰমী মই দেশাধিকাৰ আগত থাকোঁতে কোন পাপীয়ে কাপোৰৰ আঁচলত জুই বান্ধি লৈছে? কোনে আজি মোৰ শৰৰ দ্বাৰা ক্ষতবিক্ষত হৈ মহানিদ্ৰাৰ আশ্ৰয় লব খুজিছে?” খঙ্গেৰে এইৰূপে কৈ কান্দনৰ শব্দ অনুসৰি যাবলৈ ধৰিলে। ৰজাৰ এইবিলাক কথা শুনি বিশ্বামিত্ৰ ঋষিয়ে দূৰৰেপৰা মাত লগাই বৰ খঙ্গেৰে তেওঁক ৰবলৈ আদেশ কৰিলে। ৰজাই তপস্বিশ্ৰেষ্ঠ বিশ্বামিত্ৰৰ খং হোৱা দেখে ভয়ত আঁহত-পাতৰ দৰে কঁপিবলৈ ধৰিলে, আৰু প্ৰণাম কৰি বিনয়েৰে বুলিলে, “হে মহাভাগ! মই ৰজা; এতেকে এইটো মোৰ কৰ্ত্তব্য কাম। ধৰ্ম্ম-শাস্ত্ৰৰ মতে ধৰ্ম্মজ্ঞ ৰজাই দান আৰু ৰক্ষণ কৰিব লাগে, আৰু ধেনু ধৰি ৰণ কৰিবও লাগে; ইয়াত আপোনাৰ খং হোৱা অনুচিত।” এই কথা শুনি বিশ্বামিত্ৰে কলে, “মহাৰাজ! দানৰ পাত্ৰ কোন, কাক ৰক্ষা কৰিব লাগে, যুদ্ধ বা কাৰে সৈতে কৰা উচিত, এই কথা কেইটাৰ শীঘ্ৰে মোক উত্তৰ দিওক।” তাতেই ৰজাই উত্তৰ কৰিলে, “সজ ব্ৰাহ্মণ, আৰু দৰিদ্ৰক দান, ভয়াতুৰক ৰক্ষা
পৃষ্ঠা:পাঠ-মালা.pdf/১২০
অৱয়ব