পৃষ্ঠা:পাঠ-মালা.pdf/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ পাঠ-মালা । মোৰ ভাই ভাৰত ! মোৰ কথা লোৱাঁ, আমাৰ পিতৃক অঙ্গীকাৰ স্বৰূপ ধাৰৰ পৰা মুক্ত কৰা। তুমি ধৰ্ম্ম-নজন৷ নোহোৱঁ৷, এতেকে পিতাক মুকলি কৰাঁ, আক মাতাকো সন্তোষ দিয়া। অযোধ্যালৈ উলটি যোৱঁাঁ, এবং শত্রুঘ্ন আৰু ব্ৰাহ্মণবিলাকে সৈতে লগ লগি তুমি প্রজাবিলাকৰ সুখ-বৃদ্ধি কৰাঁগৈ৷ মই এতিয়াই সীত৷ আৰু লক্ষমণেৰ সৈতে দণ্ডকাৰণ্যত সোমাম। হে ভাৰত ! তুমি মানুহৰ ওপৰত ৰাজত্ব কৰা গৈ, মই বনৰীয়া জন্তুক শাসন কৰিম ৷ তুমি আনন্দচিত্তেৰে আমাৰ অনুপম নপৰলৈ যোৱঁ৷, ম‍ই অৰণ্যত প্রবেশ কৰে৷৷ তোমাৰ মূৰৰ ওপৰত ৰাজছত্রে সূৰ্য্যৰ তাপ চাই শীতল দিয়ক ; আৰু এই হাবিত থক। গছৰ ছাঁই ৰদৰ তাপৰ পৰ৷ মোক ৰক্ষা কৰিব৷ অসীম বুদ্ধি আৰু নীতিজ্ঞ শত্রুঘ্নে পৰামৰ্শৰ দ্বাৰা তোমাৰ সহায়তা কৰিব আৰু মোৰ পৰীক্ষিত বন্ধু লক্ষ্মণ মোৰ সহায় হব। হে ভাৰত ! শোক নকৰিবা ৷ আমাৰ চাৰি ভাইৰ যত্নৰ দ্বাৰা আমাৰ পিতৃৰ অঙ্গীকাৰ সফল হব।” ধন্য ৰামচন্দ্ৰ ! তুমি পিতৃ-ভক্তি আৰু অঙ্গীকাৰ ৰক্ষাৰ শেষ সীমা দেখাই দিলা । ৬ পাঠ। হৰিশ্চন্দ্ৰ ৰাজাৰ উপাখ্যান (The Story of Raja Harischandra. ) দুখীয়াক দান কৰিব লাগে ; কিন্তু যি দানে দাতাক সৰ্ব্বস্বান্ত কৰে, সি প্ৰশংসনীয় নহয়, আৰু সাধুলোকে ধন প্রাণকো দি আপোনাৰ অঙ্গীকাৰ ৰাখে ।