পৃষ্ঠা:পাঠ-মালা.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫ পাঠ। ৰামচন্দ্ৰৰ উত্তৰ ( Reply of Ramchandra. ) ভাৰতৰ কথা সমাপ্ত হলত ৰামচন্দ্ৰে উত্তৰ কৰিলে,—“হে কৈকেয়ীৰ আৰু মহাৰাজা দশৰথৰ পুত্ৰ ! তুমি যি কথা কৈছা, সি যে যুক্তি-যুক্ত তাত সংশর নাই। কিন্তু হে ভাই! ভাবি চোৱাচোন, আমাৰ পিতৃয়ে যেতিয়৷ তোমাৰ মাতৃক বিয়া কৰে, তেতিয়৷ এই ৰাজ্য তেওঁক স্ত্রী-ধন স্বৰূপে দিবলৈ অঙ্গীকাৰ কৰিছিল। তাৰ পাচত দেৱাসুৰৰ যুদ্ধত তেওঁ দেৱতাবিলাকৰ ফলীয়া হৈ ৰণ কৰোঁতে ঘাইল হোৱাত তোমাৰ মাতৃয়ে যি শুশ্রূষা কৰে, তাৰ দ্বাৰা সন্তুষ্ট হৈ তেওঁৰ বাঞ্ছিত বৰ দিবৰ নিমিত্তে পুনৰায় প্ৰতিজ্ঞ৷ কৰে৷ তোমাৰ মান্যৱতী মাতাই এতিয়া সেই প্রতিজ্ঞা সোৱাৰাই দুটা বৰ খোজে,—প্ৰথমটো এই যে, ৰজাই যেন তোমাক ৰাজ্য দিয়ে, আৰু দ্বিতীয়টো এই যে, মোক যেন তেওঁ বনলৈ খেদায় । ৰজাই প্রতিজ্ঞাত আবদ্ধ থকাৰ গুণে এই দুই প্ৰাৰ্থনাৰ বিৰোধে আচৰণ কৰিব নোৱাৰি সেই কথাত মান্তি হল। এতেকে পিতৃৰ আজ্ঞাত মই এই ঠাইত থাকিব লগীয়া হৈছোঁ। পিতৃয়ে তোমাৰ মাতৃৰ আগত যি অঙ্গীকাৰ কৰিছিল, তাৰ পালনৰ নিমিত্তে মই চৈধ্য বছৰ বনত থাকিব লাগে ; এই কাৰণেই ভাই লক্ষ্মণ আৰু ভাৰ্য্যা সীতাক লৈ এই হাবিলৈ আহিছোঁ, আৰু মই পিতৃৰ আজ্ঞ৷ অৱশ্যে পালন কৰিম ৷ তুমিও সেই ৰূপেই শীঘ্ৰে ৰজা হৈ তেওঁৰ বাঞ্ছা পূৰ কৰিব লাগে। হে