পৃষ্ঠা:পাঠ-মালা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । সৎকাৰ কৰে, আৰু কোনো কথাত সংশয় হলে আপুনিও তেওঁ- বিলাকৰ পৰামৰ্শ লয়। যিবিলাকে আপোনাৰ দৰে নিজৰ হিতাহিত বুজে, তেওঁবিলাক কেতিয়াও কষ্টত নপৰে। আৰু আপোনাৰ মহানুভবতা, সত্যবাদিতা বহুদৰ্শিতা, জ্ঞান আৰু বুদ্ধি আছে ; সেইবিলাক গুণেই, আপোনাৰ মন যে দেৱতাৰ তুল্য, তাৰ বিশেষ প্রমাণ দিছে । সেই মনত এই সংসাৰ যে অনিত্য আৰু অসাৰ, এই কথাৰ সম্পূৰ্ণ বোধ আছে, এতেক দুঃখ বা হানিৰপৰা তাত বিকাৰ নজন্মে৷ এই কাৰণে মই প্রবাসত থাকোঁতে মোৰ অল্পবুদ্ধি আৰু দুৰ্ম্মতি মাতৃয়ে মোৰ ভালৰ নিমিত্তে ব্যগ্ৰ হৈ যি ঘোৰ অপৰাধ কৰিছে, তাক ক্ষমা কৰোক । তেওঁ পুত্ৰৰ কৰ্ত্তব্যৰ দ্বাৰা আবদ্ধ ; এতেকে তেওঁক জগৰৰ উপযুক্ত শাস্তি দিব নোবৰোঁ৷ মই মহামতি দশৰথৰ পুতেক আৰু পাপ পুণ্য এই দুইৰ প্ৰভেদ জানো ; এতেকে কেনেকৈ গৰিহিত কাম কৰিম ? আমাৰ পৰম মান্য পিতৃ ৰাজা দশৰথ লোক সকলৰ পূজ্য আছিল, আৰু দেৱতাৰ দৰে সভাক উজ্জ্বল কৰিছিল ; তেওঁৰো নিন্দ| কৰিব নোৱাৰোঁ৷ কিন্তু যুক্তি আৰু ধৰ্ম্মৰ বোধ থকা কোনো মানুহে তিৰোতাৰ কথা শুনি এনে অন্যায় আৰু ৰাজনীতিৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে । বেদৰ বচন এটি মোৰ মনত পৰিছে, তাৰ অৰ্থ এই যে মৃত্যু ওচৰ চাপিলে সকলে৷ প্ৰাণীৰ বুদ্ধি আৰু শক্তিয়ে লোপ পায় ; আমাৰ পিতৃ ৰাজাৰ কাৰ্য্যৰ দ্বাৰা সেই বচনৰ সত্যতা সপ্ৰমাণ হৈছে । আপুনি সৎপুত্র, এতেকে কুপিত ভাৰ্য্যাৰ বশ হৈ, বিবেচনা নকৰাকৈ আমাৰ পিতৃয়ে যি অকৰ্ম্ম কৰিলে,আপুনি তাক মার্জনা >8