পৃষ্ঠা:পাঠ-মালা.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ওপৰত লিখা কথাৰ দ্বাৰ৷ বুজিৰ পাৰি যে, অতিশয় ক্রোধ আৰু অতিশয় ক্ষম। দুয়ো সমানে বেয়া। খং আৰু ক্ষমা-গুণ দুইকে। মানুহে স্বভাৱৰপৰ৷ পাইছে; এতেকে উচিত সময়ত দুইৰে| ব্যৱহাৰ কৰিব লাগে, তেহে আমাৰ কুশল হয়। ৪ পাঠ। ৰামচন্দ্ৰৰ প্ৰতি ভৰতৰ উক্তি (The sayings of Bharat to Ramchandra. ) অযোধ্যাৰ ৰাজা দশৰথে তেওঁৰ জ্যেষ্ঠ পুত্ৰ ৰামচন্দ্ৰক যুবৰাজ পাতিবৰ ইচ্ছ৷ কৰিলত তেওঁৰ প্ৰিয়া ভাৰ্য্যা কৈকেয়ীয়ে সেই কথাত অমান্তি হৈ ৰামক বনলৈ পঠাই তেওঁৰ পুতেক ভৰতক যুবৰাজ কৰিবৰ নিমিত্তে কোৱাত বুঢ়া ৰজাই লাগী আৰু যুবতী ভাৰ্য্যাৰ কথা পেলাব নোৱাৰি ইঙ্গিতেৰে সেই কথাত সম্মতি দিলে, আৰু তদনুসাৰে ৰামে বনলৈ যাত্ৰা কৰিলে । তেতিয়া ভৰত অযোধ্যাত নাছিল, উলটি আহি ৰামৰ বনবাসৰ আৰু সেই শোকত দশৰথ-বাজাৰ মৃত্যু হোৱাৰ বাৰ্ত্তা পাই অত্যন্ত শোকেৰে ৰামক বিচাৰি গৈ তেওঁৰ আগত তলত লিখা কথা- বিলাক কলে, তাৰ দ্বাৰা নিজ জ্যেষ্ঠ ৰামচন্দ্ৰলৈ তেওঁৰ যিমান চেনেহ আৰু ভক্তি আছিল, সি উত্তমৰূপে প্ৰকাশ পাইছে । ভৰতে কলে, “হে শত্রুনাশক ! পৃথিবীত আপোনাৰ তুল্য কোন্ আছে ? আপুনি দুখত কাতৰ নহয়, সুখেও আপোনাৰ অহঙ্কাৰ বঢ়াব নোৱাৰে। বুঢ়া লোকবিলাকেও আপোনাক