কৰিব লাগে। যি পুত্ৰে পিতৃৰ দোষ গণনা নকৰে, তেওঁ হে স্বৰূপ পুত্ৰ, আঁৰু সকলোৰে পাদৰআদৰ পায়। ইয়াৰ অন্যথা কৰিলে ওলোটা ফল হয়। আপুনিও তেনে পুত্ৰ হওক, আৰু পিতৃৰ কুকৰ্ম্মক প্ৰখ্যাত নকৰিব; কিয়নো তাকে কৰিলে আপুনি সকলোৰে নিন্দাৰ পাত্ৰ হব। হে বীৰ! মোক আৰু মোৰ মাতৃ কৈকেয়ীক ত্ৰাণ কৰোক। পিতাৰ মান-ৰক্ষা, আৰু আমাৰ মিতিৰ, কুটুম আৰু প্ৰজাবিলাকক প্ৰতিপাল কৰা আপোনাৰ উচিত। ক্ষত্ৰিয়ৰ বনবাস কেনে অসঙ্গত। যি লোকে প্ৰজাক পালন কৰিব লাগে, জটাৰ ভাৰ বৈ আৰু বাকলিবসন পিন্ধি হাবিত থকা, তেওঁৰ কেনে অযুগুত। এতেকে পিতাৰ তেনে আজ্ঞা মান্য নহয়।”
ধৰ্ম্ম-শাস্ত্ৰৰ নিয়ম অনুসাৰে সিংহাসনত উঠি প্ৰজাপালন কৰা ক্ষত্ৰিয়ৰ প্ৰধান কৰ্ম্ম। কোন ক্ষত্ৰিয় ইমান ভ্ৰান্ত হব পাৰে যে, পৰোপকাৰ কৰিবৰ বৰ্ত্তমান, নিশ্চিত আৰু স্থিৰ উপায়ক ত্যাগ কৰি অনিশ্চিত আৰু আশঙ্কা-যুক্ত ভবিষ্যৎ উপায়লৈ আশা কৰে? যদি শাৰীৰিক ক্লেশ সহি কষ্ট-সাধ্য কৰ্ম্ম কৰিবৰ আপোনাৰ ইচ্ছ৷ হৈছে, তেন্তে আপুনি ন্যায় অনুসাৰে চতুৰ্ব্বৰ্ণ প্ৰজাৰ প্ৰতিপালন কৰাত যি দুঃখ হয়, তাক গ্ৰহণ কৰি আপোনাৰ বাঞ্ছা পূৰাওক। নীতিজ্ঞ পণ্ডিত সকলে কৈছে যে, চাৰি আশ্ৰমৰ ভিতৰত গৃহাশ্ৰম শ্ৰেষ্ঠ। আপুনি কিয় সেই আশ্ৰয় এৰিবৰ ইচ্ছা কৰিছে। মই বয়সে আপোনাতকৈ সৰু আৰু জ্ঞানতো হীন; এতেকে আপুনি থাকোঁতে মই কেনেকৈ ৰাজ্য-ভাৰ লম? মোৰ বুদ্ধি অপৰিপক্ক, উপযুক্ত গুণো নাই,