পৃষ্ঠা:পাঠ-মালা.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা। সময়ত খং কৰিলে মানুহৰ মঙ্গল, কিন্তু ইয়াৰ বিপৰীত আচৰণ কৰিলে ক্ৰোধ মানুহৰ নাশক হয়। এতেকে ষি লোকে খঙ্গক পৰাস্ত নকৰি সদাই লাই দিয়ে, সি অৱশ্যে বিপদত পৰে। খঙ্গৰ পৰাই মানুহৰ সৰ্ববনাশ হোৱা দেখা যায়। ক্রোধান্বিত মানুহে পাপত প্রবর্ত্তমান হয়, গুৰুজনকো প্ৰহাৰ বা কৰ্কশ বাক্যেৰে অপমান কৰে। খং-উঠা মানুহে কৰিব নোৱাৰে এনে কৰ্ম্ম, আৰু বুলিব নোৱাৰে এনে কোনো বাক্য নাই। খঙ্গাল মানুহে আপোনাৰ প্ৰাণকে৷ মাৰিব পাৰে। খঙ্গৰ এই বিলাক দোষ দেখি মঙ্গল-বাঞ্ছা কৰা জ্ঞানী লোকসকলে খঙ্গক দমাই ৰাখে ! পণ্ডিত সকলে যি খঙ্গক পৰিত্যাগৰ যোগ্য বুলি কৈছে, তাৰ আশ্রয় লোৱা আমাৰ নিচিন৷ মানুহৰ উচিত নহয়। হে দ্রৌপদী ! এই বিলাক কথা, ভাবি চায়ে মোৰ খং নুঠে। খং কৰোঁতাৰ প্ৰতি যি খং নকৰে, তেওঁ আপোনাক আৰু সি- জনকে৷ ৰক্ষা কৰে৷ উঠি অহা খঙ্গক যি বুদ্ধিৰ দ্বাৰা দমাই ৰাখে, জ্ঞানী লোকে তেওঁক তেজস্বী বা বীৰ বোলে। ক্রোধান্বিত মানুহৰ পাৰকতা, শীঘ্ৰতা, বীৰত্ব, এই সমুদায় গুণেই লোপ পায় পৃথিবীত ক্ষমাশীল লোক নহলে মানুহবিলাকৰ পৰস্পৰ মিলেই নেথাকিব। কিয়নো খঙ্গৰপৰাই বিবাদ হয়। ক্ষমা তেজস্বীবিলাকৰ শক্তি তপস্বীবিলাকৰ তপস্যা, সত্যবাদীসকলৰ সত্য, আৰু ক্ষমাই যজ্ঞ আৰু ক্ষমাই শান্তি । এতেকে হে কৃষ্ণা ! তেনে ক্ষমাক ত্যাগ কৰা আমাৰ নিচিনা লোকৰ অযুগুত । যি সকল লোকে ক্ষমাৰ দ্বাৰা ক্রোধক জিনে, তেওঁ- বিলাকে ইহকালত সন্মান, আৰু পৰকালত সদ্‌গতি পায়।” ১০২