পৃষ্ঠা:পাঠ-মালা.pdf/১১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা ৷ হে ভাৰত-কুলৰ প্ৰদীপ ! আপোনাৰ বেজাৰ নাই, ই নিশ্চয় ; নতুব৷ আপোনাৰ ভাইয়েকবিলাকৰ আৰু মোৰ বন-বাস দুখ দেখিও আপোনাৰ মনত দুখ নোপজিল! সকলোৱে জানে যে ক্রোধ হীন ক্ষত্রিয় নাই ; ক্ষত্ৰিয়ৰ স্বভাবৰ বিপৰীত আচৰণ কৰা আপোনাকে হে মাথোন দেখিছোঁ। সমুচিত সময়ত যি ক্ষত্রিয়ই ক্রোধ নকৰে, তেওঁ সকলোৰেপৰ৷ পৰাভৱ পায় ; এতেকে শত্রুক ক্ষমা কৰা আপোনাৰ উচিত নহয় ৷ ক্ৰোধৰ দ্বাৰায় হে শত্ৰুৰ নাশ হয়। কিন্তু ক্ষমা কৰিবৰ উচিত সময়ত যি ক্ষত্রিয়ই ক্ষমা-গুণলৈ আওহেল৷ কৰে, সি সকলোৰে অপ্রিয় হয়, আৰু ইহকাল পৰকাল, উভয়তে কষ্ট পায়।” “হে মহাৰাজ ! এই কথাৰ দৃষ্টান্ত-স্বৰূপে, পূর্ব্বে এই বিষয়ত প্রহলাদ আৰু বলিৰ, যি কথোপকথন হৈছিল, তাক কওঁ শুনোক। পূৰ্ব্বকালত বলিয়ে তেওঁৰ পিতামহ, সকলো ধৰ্ম্মৰ তত্ত্বজ্ঞ, দৈত্যৰাজ প্রহ্লাদক এইরূপ সুধিলে, “হে পিতামহ, ক্ষমা আৰু ক্ৰোধ এই দুইৰ ভিতৰত কোনটো শ্রেষ্ঠ, এই কথাত মোৰ সংশয় আছে । অনুগ্ৰহ কৰি আপুনি সংশয় ছেদ কৰি দিওক।” তেওঁৰ কথা শুনি প্ৰহ্লাদে উত্তৰ কৰিলে, ‘সদায় ক্ৰোধ কৰা অনুচিত, আৰু সদায় ক্ষমা কৰাও ভাল নহয়, ইয়াকে নিশ্চয় রূপে জানিবা । যি সদায় ক্ষমা কৰে, সি অনেক দুখ পায়, তাক ভৃত্যবিলাকে নেমানে শত্ৰুৱেও তালৈ ভয় নকৰে, আৰু সকলোৱেই তাক উলাই কৰে । এতেকে সদায় ক্ষমা কৰিবলৈ জ্ঞানী সকলে বাধা কৰিছে৷” পূৰ্ব্বে কোৱা গৈছে যে, ‘ক্ষমাশীল মানুহক ভূতাবিলাকে অৱজ্ঞা কৰে, অকল সেয়ে নহয়; সিহঁতে