পৃষ্ঠা:পাঠ-মালা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । দ্বাৰা সকলোকে ধ্বংস কৰিব। আপোনাৰ মনত থাকিব পায়, তেওঁৰ অস্ত্ৰৰ দ্বাৰা পৰাস্ত হৈ আপোনাৰ ৰাজস্থূয় যজ্ঞত পৃথিবীৰ সকলো ৰজা বশ হোৱাত ব্ৰাহ্মণবিলাকে অতি ৰঙ্গেৰে আপোনাৰ যজ্ঞলৈ আগমন কৰিছিল। সেই দেৱ দানৱবিলাকৰ পূজ্য, আৰু পুৰুষ শ্ৰেষ্ঠ অৰ্জ্জুনৰ শোক দেখি আপোনাৰ মনত কিয় খং নোপজে ? হে ভাৰত ! সেই সুখীয়া আৰু দুখ সহিবৰ অনুপযুক্ত অৰ্জ্জুনক বনবাসী দেখিও আপোনাৰ যে খং উঠা নাই, ইয়াতে মই বিবুদ্ধি খাইছোঁ। ষি জনে দেৱতা, মনুষ্য আৰু নাগবিলাকক অকলৈ দমিলে, তেওঁ এতিয়া বনবাসী হোৱাতো আপোনাৰ যে কোপ নহয়, ইও এটা আশ্চৰ্য্য। তেওঁ অতি আচৰিত ৰথ আৰু হাতী ঘোঁৰাৰে আবৃত হৈ আপোনাৰ ৰাজসূয় যজ্ঞলৈ পৃথিবী-পতিবিলাকৰপৰ৷ অপৰিমিত ধন আকৰ্ষণ কৰিছিল, আৰু যাৰ এপাট শৰেই শতসংখ্যক হয়, তেওঁৰ বন- বাসৰ ক্লেশ দেখিও আপোনাৰ কিয় খং নুঠে? শ্যাম-কলেবৰ, অতি-দীৰ্ঘকায়, যুৱা, ঢাল-তৰোৱালৰ ৰণত পাৰ্গত নকুলক বনবাসী দেখি নো আপোনাৰ খং লুকাই থাকে কিয় ? হে যুধিষ্ঠিৰ ! মাদ্ৰী দেৱীৰ পুতেক, দেখনিয়াৰ আৰু বলৱন্ত সহদেৱে বনবাসৰ কষ্ট পোৱাতো আপুনি কিয় সহি আছে? এই নকুল আৰু সহদেৱ, দুয়ো বৰ সুখত উঠিছিল, তেওঁবিলাকৰ দুঃখ সহ্য নহয় ; সিবিলাকৰ কষ্ট দেখিও আপোনাৰ ক্ৰোধৰ উদয় নহয়, ই কেনে আচৰিত কথা ! মই দ্ৰুপদ ৰজাৰ বংশত জাত, ধৃষ্টদ্যুম্নৰ ভনীয়েক, পাঁচজনা বীৰৰ ভাৰ্য্যা, মহাৰাজা পাণ্ডুৰ বোৱাৰীয়েক মোৰ ক্লেশ দেখিও আপুনি সহি আছে, ইয়াৰ বা কাৰণ কি ? 25