তেওঁৰ ধনবস্তুকো অপহৰণ কৰে, আৰু তেওঁৰ বাহন, বস্ত্ৰ, অলঙ্কাৰ, শয্যা আৰু আসন এবং পান আৰু ভোজনৰ বস্তু-বিলাককো ইচ্ছা হলেই নিজৰ ব্যৱহাৰত লগায়। গৰাকীয়ে কোনো বস্তু দিবলে আজ্ঞা কৰিলে সিহঁতে নিদিয়ে; অধিকাৰক যি সম্মান কৰিব লাগে, তাকো নকৰে। আৰু ক্ষমাৱন্ত লোকে মৃত্যুতকৈ গৰ্হিত অপমান পায়। এই বিলাকত বাজেও সদায় ক্ষমা কৰাৰ আন বিস্তৰ দোষ আছে।”
⸺
৩ পাঠ।
দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথন ( সমাপ্ত )
(Conversation between Draupadi and
Judhisthira (concluded.)
দ্ৰৌপদীয়ে বুলিলে, ‘মহাৰাজ! ক্ৰোধৰপৰা মানুহৰ যি অনিষ্ট হয়, এতিয়া তাক শুনোক। যি উচিত কাল আৰু ঠাইৰ বিবেচনা নকৰাকৈ সদায় খং কৰে, সি আপোনাৰ খঙ্গৰ দ্বাৰায় আপোনাক বিপদত পেলায়। ক্ৰোধী মানুহৰ বন্ধুৰে সৈতে বিৰোধ হয়; আপোন আৰু পৰ, সকলো লোকে তাৰ অহিত চিন্তে। খঙ্গাল মানুহে নিজ খঙ্গৰ গুণে বিবিধ দণ্ড পায়। তাৰ ধন, জন আৰু প্ৰাণো যায়। যি শত্ৰু মিত্ৰ নুবুজি খং কৰে সাপে বাহ লোৱা ঘৰৰ দৰে তাক মানুহে এৰে; মানুহে যাক ত্যাগ কৰে, তাৰ কুশল কেনেকৈ হব? অলপ ছিদ্ৰ পালেই মানুহে নিশ্চয়ে তাৰ অনিষ্ট কৰে। এতেকে অত্যন্ত