পৃষ্ঠা:পাঠ-মালা.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

29 পাঠ-মালা । শোকেৰে কান্দিছিল। আপুনি এতিয়া যি শয্যাত শুইছে, তাক আপোনাৰ পূৰ্ব্বকালৰ শয্যাৰে ৰিজালে মোৰ মনত অত্যন্ত শোক জন্মে। আপুনি সভাত হাতি দাঁতেৰে নিৰ্ম্মিত, হীৰা- মুকুতাৰে বিভূষিত আসনত বহিছিল; এতিয়া আপোনাক কুশাসনত বহা দেখি মোৰ হিয়া বিদৰি যায়। আগেয়ে আপোনাক ৰজাবিলাকেৰে পৰিব্ৰত হৈ সভাত বহি থকা দেখিছিলোঁ, এতিয়া অকলৈ থকা দেখি মোৰ মন দুঃখিত হয়। হে ভাৰত ! পূৰ্ব্বে চন্দনেৰে লিপ্ত হৈ আপোনাৰ শৰীৰে সূৰ্য্যৰ নিচিনাকৈ কান্তি কৰিছিল; এতিয়া সেই শৰীৰ ধূলি আৰু বোকাৰে মলিন দেখি মোৰ দুখৰ সীম৷ নাথাকে৷ আগেয়ে আপুনি নিৰ্ম্মল পাট-কাপোৰ পৰিধান কৰিছিল; এতিয়া ফটা কাপোৰ পিন্ধিছে ! পূর্বেব অলঙ্কাৰ আদিৰে ভূষিত সূপকাৰ- বিলাকে আপোনাক আৰু আপোনাৰ ভ্ৰাতৃবিলাকক অতিশয় স্নিগ্ধ আহাৰ যোগাইছিল; এতিয়া সেই ভ্ৰাতৃবিলাকেৰে সৈতে আপুনি, হাবিত স্বভাৱত জন্মা ফল-মূলৰ দ্বাৰা পেট পূৰাইছে। এনে সুখীয়া লোকবিলাকৰ দুখ দেখি মোৰ মনত শান্তি নাই । ভীমসেনে বন-বাসৰপৰা যি কষ্ট পাইছে, সেই দুখৰ কথা চিন্তা কৰি এতিয়া উপযুক্ত সময়তো আপোনাৰ মনত ক্ৰোধৰ উৎপত্তি নহয় হে ? হে প্রভু ! সেই নির্দয় আৰু বলৱন্ত ভীমসেন সকলো শত্রুকে ৰণত পৰাস্ত কৰিবৰ নিমিত্তে ব্যগ্ৰ, তথাপি আপোনাৰ প্ৰতিজ্ঞাৰ বশ হৈ ইমান কষ্ট সহি আছে। অৰ্জ্জুন কেৱল দুই বাহুযুক্ত হৈও শত-বাহু কাৰ্ত্তবীৰ্য্যাৰ্জ্জুনৰ সমান ; তেওঁ যুদ্ধ কাৰবলৈ পালে কালান্তক যমৰ দৰে বিক্ৰম প্ৰকাশ কৰি শৰৰ 9