ক্ষমিব লাগে, এনে নহয়; আন আন কথাৰ দৰে আমাৰ সীমা আছে; তলত লিখা দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথনৰ দ্বাৰা তাক বুজিব পাৰি।
⸺
২ পাঠ।
দ্ৰৌপদী আৰু যুধিষ্ঠিৰৰ কথোপকথন
Conversation between Draupadi and Judhisthira.
পাণ্ডৱবিলাক বনলৈ যোৱাৰ পাচত এদিন গধূলি দ্ৰৌপদী আৰু যুধিষ্ঠিৰে একে লগে বহি অতি দুখেৰে কথোপকথন কৰিছিল। তাতে দ্ৰৌপদীয়ে যুধিষ্ঠিৰক সম্বোধন কৰি কবলৈ ধৰিলে, “মহাৰাজ! আমাৰ দুখত সেই দুৰ্জ্জন পাপী ক্ৰূৰ দুৰ্য্যোধনৰ কিঞ্চিৎমানো কষ্ট-বোধ হোৱা নাই; আপোনাক মোৰে সৈতে পহুৰ ছাল পিন্ধাই বনলৈ খেদায়ো তাৰ মন অনুতাপ শূন্য। আপুনি তাৰ জ্যেষ্ঠ আৰু ধৰ্ম্মপৰায়ণ; আপোনাকো কৰ্কশ বাক্য শুনাবলৈ সি সঙ্কুচিত নহল; এতেকে সেই পাপীৰ বুকু লোৰে বন্ধা হৈছে। আপুনি সুখীয়া, দুখ সহিব নোৱাৰে; সি আৰু তাৰ বন্ধুবিলাকে আপোনাক এনে মহৎ দুখ দি আনন্দ হে পাইছে। হে মহাৰাজ! আপুনি পহুৰ ছাল পিন্ধি বনলৈ যাত্ৰা কৰা সময়ত কেৱল দুৰাত্মা দুৰ্য্যোধন, কৰ্ণ, শকুনি আৰু দুৰ্য্যোধনৰ দুষ্ট ভাইয়েক দুঃশাসন এই চাৰি জনৰ মাথোন চকুৰ লোতক নোলাল, অন্য সকলো লোকে মহা-