পৃষ্ঠা:পাঠ-মালা.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল৷৷ বিশেষতঃ তুমি ইয়াৰ নিমিত্তে দ্রৌপদীৰ গুৰিত মোৰ আগতে অঙ্গীকাৰ কৰিছিল৷ এতিয়৷ সেই প্রতিজ্ঞা ৰখা উচিত।” কিন্তু অশ্বত্থামা তেওঁৰ গুৰুৰ পুতেক, এই দেখি অৰ্জ্জুনে তেওঁক বধ নকৰি শিবিৰলৈ লৈ আছিল। দ্রৌপদীয়ে পাণ্ডৱবিলাকৰ গুৰু-পুত্ৰক, গৰুৰ দৰে পঘাৰে বন্ধা, আৰু শোক আক লাজেৰে মূৰ দাঙ্গিব নোৱৰা হোৱ৷ দেখি মৰমেৰে কলে, “হে অৰ্জ্জুন। এওঁ গুৰুৰ পুত্ৰ, এওঁৰ এনে দশা সহ্য নহয় ৷ আৰু এওঁৰ পিত। দ্রোণাচার্য্যে তোমালোকক অস্ত্র বিদ্যা শিকাইছিল, তেওঁ এই অশ্বত্থামাৰ শৰীৰত বৰ্ত্তমান আছে ; এতেকে এওঁৰ প্ৰাণ মাৰিলে গুৰুবধৰ পাপ লাগিব, আৰু তোমাৰ কলঙ্কেশ হব। বিশেষ এওঁৰ মাতৃ গৌতমী একেই পতিৰ শোকত ব্যাকুল হৈ আছে, তাতে আকও তেওঁক পুত্রশোক দিয়া অনুচিত৷ পুত্ৰৰ গোকে যে দাৰুণ কষ্ট দিয়ে, তাক মই বুজিছোঁ। গুৰুৰ ভাৰ্য্যাক সেই শোক দিবৰ মোৰ ইচ্ছু নাই ; তুমি শীঘ্ৰে এওঁক মুকলি কৰি দিয়া ।” দ্রৌপদীৰ এই কথা শুনি অৰ্জ্জুনে ততালিকে অশ্বত্থামাৰ মূৰৰ কিৰীটিটো কাঢ়ি লৈ বান্ধ মেলি দিলে৷ এই কথাৰ দ্বাৰ৷ জানিব পাৰি, দ্রৌপদী কেনে ক্ষমাশীল৷, আৰু তেওঁৰ কিমান সহন-গুণ আছিল; চোৱাচোন, আপোনাৰ পুত্ৰবধীৰে৷ দুখ দেখি তেওঁৰ মৰমেৰে কোমল হৈ পমি গৈছিল ৷ কোনো এজন জ্ঞানী মানুহে কৈছে যে, “যি আমাৰ অনিষ্ট কৰে, আমি তাক হিংসা কৰিলে তাৰ সমান হওঁ ; আৰু ক্ষমা কৰিলে তাতকৈ শ্ৰেষ্ঠ হওঁহঁক।” কিন্তু এই বুলিয়েই সদায় সকলোকে