পৃষ্ঠা:পাঠ-মালা.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । অৰ্জ্জুনে, দ্রোপদীৰ গুৰিলৈ গৈ পুত্ৰবিলাকৰ মৃত্যুৰপৰা হোৱা নিজৰ আৰু দৌপদীৰে৷ শোক আৰু খং শান্ত কৰিবৰ ইচ্ছাৰে প্রতিজ্ঞা কৰি কলে, “হে প্রিয়া, মই আজিয়েই সেই চাণ্ডাল নৰাধম, অব্ৰাহ্মণ অশ্বত্থামাৰ মূৰটো কাটি আনি তোমাৰ চৰণত অৰ্পণ কৰিম৷” এই কথা কৈ অৰ্জ্জুনে ৰথত উঠি অশ্বত্থামাক খেদি গল ৷ অশ্বত্থামাই, অৰ্জ্জুনে তেওঁক খেদি অহাৰ বুজ পাই, পলায়নৰ আশ্রয় ললে, আৰু পলালতো অৰ্জ্জুন ক্ষান্ত নহৈ পাচত খেদ৷ দিয়াত নিৰুপায় হৈ বহ্মাস্ত্ৰ * প্ৰহাৰ কৰিলে৷ কিন্তু তেওঁ সেই অস্ত্ৰৰ ব্যৱহাৰত বৰ পাৰ্গত নথকাৰ গুণে বা আন কোনো কাৰণেই তাৰ দ্বাৰা অশ্বত্থামাৰ একো হানি নহল, অথচ তেওঁ শত্ৰুৰ হাতত পৰিল । ৯৪ তেতিয়া অৰ্জ্জুনে অশ্বত্থামাক ধৰি লেজুৰে বান্ধিলে ; তাতে অর্জুনৰ সাৰথি কৃষ্ণই তেওঁক পৰামৰ্শ দি কবলৈ ধৰিলে “হে অৰ্জ্জুন ! এই অধমে নির্দোষী আৰু শুই থক৷ শিশুবিলাকক বধিলে, এতেকেই প্রাণদণ্ডৰ যোগ্য । প্রমত্ত, বলিয়া, জড়, আঁকৰা, বালক, তিৰোতা আৰু শুই থকা মানুহৰ প্ৰাণ মৰা বীৰ পুৰুষৰ অনুচিত । ই টোপনিত অজ্ঞান হৈ থক। শিশুবিলাকক বধ কৰি ধৰ্ম্মৰ বিৰোধে আচৰণ কৰিছে ; এই কাৰণে ইয়াক বধিলে তাৰ হিংস৷ নহয়, বৰং উপকাৰ হে হব কিয়নে৷ তাৰ দ্বাৰা সি পৰকালক শিশুহত্যা-পাপৰ দণ্ডৰপৰ! পৰিত্ৰাণ পাব।

  • ব্রহ্মাস্ত্ৰ এবিধ জুই ওলোৱা অস্ত্র। বোধ হয়, আগৰ কালৰ

হিন্দুবিলাকে কলাই খাৰেৰে মৰ৷ হিলৈৰ ব্যৱহাৰ 'জানিছিল, আৰু তাকে ব্রহ্মাস্ত্র বা অগ্ন্যস্ত্র বুলিছিল।