পৃষ্ঠা:পাঠ-মালা.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মাল৷ ৷ নিচিন| কৰায় যে বিস্তৰ প্ৰমাণ পোৱা যায়, মহাভাৰতৰ যুদ্ধ সেই বিলাকৰ ভিতৰৰ এটি ভাল প্ৰমাণ। এই লোভে সকলে৷ দেশৰ মানুহকে বলিয়া কৰে। যুধিষ্ঠিৰ বৰ জ্ঞানী বুলি বিখ্যাত ; কিন্তু তেৱেঁ৷ লোভৰ হাত সাৰিব নোৱাৰি স্বজাতি, ভাই, পো, গুৰু আৰু মিতিৰৰ তেজেৰে কুৰুক্ষেত্ৰত সোঁতাবোৱালে । ভাৰতবৰ্ষত যেনেকৈ নিচেই ওচৰ-সম্বন্ধীয়া কৌৰৱ আৰু পাণ্ডৱ- বিলাকৰ মাজত বিবাদ হৈছিল, ইংলণ্ড দেশতো তেনেকৈ ইয়র্ক আৰু লেঙ্কেষ্টৰ নামেৰে ওচৰ সম্বন্ধীয়া দুই পক্ষৰ ভিতৰত অনেক বছৰলৈকে ঘোৰ ৰণ চলি আছিল ৷ সকলোৰে জনা আছে যে, দ্রৌপদী যুধিষ্ঠিৰ-আদি পাঁচ পাণ্ডৱৰ বেইতা ভাৰ্য্য৷ আছিল, আৰু সেই পাঁচ জন৷ স্বামীৰপৰা তেওঁৰ পাঁচুটি পুতেকো হৈছিল। কৌৰৱ আৰু পাণ্ডৱবিলাকৰ মাজত বিবাদ হৈ তেওঁ বিলাকে যুদ্ধৰ দ্বাৰা সেই বিবাদ নিষ্পত্তি কৰিবৰ কাৰণ কুৰুক্ষেত্ৰলৈ যোৱা সময়ত সেই বালক কেইটি অধিক বয়সীয়া নাছিল৷ কৌৰৱৰ ফালৰ এজনা বীৰৰ নাম অশ্বত্থামা ; তেওঁ জাতিত ব্রাহ্মণ, আৰু কৌৰৱৰ পাণ্ডৱবিলাকৰ গুৰু দ্রোণাচাৰ্য্যৰ পুতেক। সেই যুদ্ধত কৌৰৱৰ ফালৰ ভীষ্ম- দ্রোণ আদি সকলোবিলাকৰ বীৰৰ মৃত্যু হোৱাত ৰণত জয়লাভ কৰিবৰ আশা নথকা হৈ পিতৃ বৈৰীবোৰক প্ৰতিহিংসা কৰিবৰ মনেৰে এদিন ৰাতি পাওৱবিলাক শিবিৰত নথকা সময়ত তেওঁ গুপ্তভাৱে তাতে সোমাই, শুই থকা অৱস্থাত সেই পাঁচুটি লৰাক বধ কৰে। তাতে ৰাতিপুৱ৷ দ্রৌপদীয়ে পুতেকহঁতক মৃত্যুৰ সম্বাদ পাই শোকেৰে আৰ্ত্ত হৈ বিলাপ কৰি কান্দিবলৈ ধৰিলে ; তেতিয়া