পৃষ্ঠা:পাঠ-মালা.pdf/১০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । বৰষুণ জগতৰ বৰ উপকাৰী; তাৰ দ্বাৰ৷ তৃণ-তৰু আদিৰ পাত, ফল আৰু ফুল উৎপন্ন হৈ প্ৰাণীবিলাকক আহাৰ যোগায়। সি সূৰ্য্যৰ প্ৰচণ্ড তাপকে৷ শীতল কৰাত সকলোৰে গা শাঁত হয় ; আৰু তাৰ দ্বাৰা পানী নথকা, খৰাং ঠাইতো জগতৰ জীৱন-স্বৰূপ পানীৰ অভাৱ গুচে। ১২ ৫ম আধ্যা ইতিহাস আৰু উপাখ্যান The History and anecdote. ১ পাঠ। পাণ্ডৱ-পুদ্ৰবিলাকৰ বধ (The Massacre of the sons of the Pandavas.) কৌৰৱ আৰু পাণ্ডৱবিলাকক ভিতৰত যি ভয়ঙ্কৰ যুদ্ধ হৈছিল, মহাভাৰতত তাৰ বৰ্ণনা আছে, আৰু ভাৰতত প্ৰায় সকলে৷ মানুহে তাৰ কিছু কথা জানে। কৌৰৱ আৰু পাণ্ডৱ পৰস্পৰে নিচেই ওচৰ-সম্বন্ধীয়া হোৱাতে৷ এই বিবাদত এক পক্ষে আন পক্ষৰ প্ৰতি অজাতশত্ৰুৰ দৰে ব্যৱহাৰ কৰিছিল । তেওঁ- লোকৰ মিত্ৰ ৰাজাবিলাকে৷ সেই যুদ্ধত ইমান মত্ত হৈছিল যে, এফালৰ সহায়বিলাকে সিফালৰ ৰণুৱাবিলাকক অতি নিষ্ঠুৰভাৱে বধ কৰিবলৈ অলপো কেঁাঁচ নেখাইছিল ৷ নান৷ দেশৰ বুৰঞ্জী পঢ়িলে ধন আৰু ৰাজ্যৰ লোভে মানুহক পিশাচ আৰু ৰাক্ষসৰ