পৃষ্ঠা:পাঠ-মালা.pdf/১০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । ৯১ তাতে সি ভাগি পৰে । সেই সময়ত কোনৌ বস্তু তাৰ ওচৰত থাকিলে সি তাৰ দ্বাৰা চূর্ণীকৃত হয় । আৰু সি জাহাজত পৰিলে জাহাজ সমূলি নষ্ট হৈ তললৈ যায়। কিন্তু মানুহে বুদ্ধিৰ বলেৰে সকলে৷ সঙ্কটৰপৰা উদ্ধাৰ পাবৰ উপায় কৰিছে ; সাগৰত ফুৰ৷ মানুহে পানী-গছা দেখিলে আঁতৰৰ পৰা বৰ ডাঙ্গৰ তোপ তাৰ ফাললৈ ফেৰ কৰে তাৰ দ্বাৰা সঞ্চালিত হৈ পানী গছাত খুন্দ৷ লাগে, তাতে সি ভাগি পৰে ৷ সেয়ে হলেই নিৰ্ব্বিঘিনিয়ে জাহাজ চলি যায় । দ্বাৰা সাগৰ, মেঘ আৰু বৰষুণ। পানী বৰ তপত হলে নিচেই পাতল হয়, আৰু ধোঁৱাৰ দৰে ওপৰলৈ উৰি যায়। পানী তপতা ওঁতে আৰু পাক কৰোঁতে যে ধোঁৱাৰ নিচিনা এবিধ পাতল বস্তু পাত্ৰৰপৰা ওপৰলৈ উঠে, সি তাপৰ দ্বাৰা পাতলা হোৱ৷ পানী মাথোন । তাৰ নাম বাষ্প বা ভাপ ! সি চেঁচা পৰিলে আকও পানী হয়। সূৰ্য্যৰ বা পৃথিবীৰ ভিতৰৰ তাপৰ । নৈ আৰু পানীৰ অন্যান্য আধাৰৰ পানীবিলাক তপত হৈ কিছুমান বাষ্প হয়, আৰু বায়ুৰ দ্বাৰা আকাশলৈ উঠে ৷ অধিক বাষ্প একেলগ হলে ঘন হৈ বহুত ঠাই ব্যাপে ; তেতিয়া তাক মেঘ বা ডাৱৰ বোলা যায়। সেই মেঘে, কেতিয়াবা খণ্ড খণ্ড হৈ একোটা হাতী বা পৰ্ব্বতৰ আকাৰ ধৰে, আৰু কেতিয়াব৷ একে বখলা হৈ আকাশৰ, আমি চকুৰে দেখা সমুদায় ভাগকে ঢাকি আন্ধাৰ কৰে ৷ মেঘবিলাক কোনো চেঁচা ঠাইৰ ওপৰলৈ গলে বা চেঁচা বতাহ পালে শীতল পৰি পানী হয় ; তেতিয়৷ বায়ুৰে তাক ধৰি ৰাখিৰ নোৱৰাত টোপাটোপে তললৈ পৰে ; তাৰে নাম বৰষুণ। এই