পৃষ্ঠা:পাঠ-মালা.pdf/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঠ-মালা । আমি নেদেখাঁ ; কিছুমান দূৰলৈ মাথোন আমাৰ দৃষ্টি যায়, তাতে আকাশত মাটিত লগ৷ যেন দেখোহঁক ; এতেকে পানীৰ কণাৰ ওপৰত প্ৰতিবিম্বিত হোৱা সূৰ্য্যমণ্ডলৰ সমুদায় ভাগকে আমি দূৰৰপৰা মনিব নোৱাৰোঁ, এভাগত মাথোন দৃষ্টি পৰে, আৰু সেই ভাগৰ দুই মূৰ আকাশেৰে সৈতে মাটিত লগা যেন বোধ হৈ তাক ধেনুৰ নিচিনা দেখা যায়; কিন্তু সূৰ্য্য আকাশৰ ওপৰলৈ উঠি মাজত থাকোঁতে সমুদায় সূৰ্য্যমণ্ডল আমাৰ চকুত পৰা হেতু, তেতিয়া তাৰ ৰশ্মি বৰষুণৰ বিন্দুৰ ওপৰত পৰিলে আমি সেই দীপ্তিক সূৰ্য্যৰ চাৰিও ফালে বেৰি থকা এটা গোলাকাৰ বস্তু যেন দেখোঁহঁক, আৰু তেতিয়া তাক “মড়” বোলা যায়। সূৰ্য্য আকাশৰ এফালে থাকোঁতে আন ফাললৈ মুখ ৰৰি কুঁচি এতাৰেৰে বা তদ্রূপ আন কোনো বস্তুৰে ওপৰলৈ পানী ছটিয়ালে পানীৰ কণিকাবিলাকত ৰশ্মি পৰি ইন্দ্ৰধনুৰ সদৃশ এটা বস্তু দেখায়। সূৰ্য্যৰ দৰে চন্দ্ৰৰ ৰশ্মিৰ দ্বাৰাও ধেনুৰ আৰু মড়লৰ উৎপত্তি কিন্তু চন্দ্ৰৰ কান্তি মৃদু ; আৰু মড়ল সিমান উজ্জ্বল ন হয়। ইন্দ্র ধনুত সাতোটা হয়; এতেকে তাৰপৰা হোৱা ধেনু বৰণ থাকে । পানী-গছা । বা-মাৰলীৰ দ্বাৰা সাগৰ বা ডাঙ্গৰ নৈৰপৰা বৰ গছৰ আকৃতিৰে আকাশলৈ যি পানী উঠে, তাৰ নাম পানী-গছা। সাগৰত ই এক আশ্চৰ্য্য দৃষ্টি, আৰু সঙ্কট-জনক বস্তু । সাগৰৰপৰা এইৰূপে হাজাৰ-হাজাৰ মোন পানী ওপৰলৈ উঠে; আৰু মেঘেৰে সৈতে মিলি একেলগ হয় ; তেতিয়৷ তাৰ পৰা৷ প্ৰচণ্ড শব্দেৰে বিদুলী আৰু ধুমুহাৰ উৎপত্তি হৈ তাক ঠেলি লৈ যায় ;