পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পদ্মপুৰাণ

শুনিও মাধৱ তুমি স্বৰূপ বচন।
পুৰুষোত্তম ধৰ্ম্ম দিব নিৰূপণ॥
তাহান কনিষ্ঠ চতুৰ্ভুজ নাম যাৰ।
সম্প্ৰদা স্বৰূপ ভক্তি কৰিবা প্ৰচাৰ॥ ২০৮
মোৰ সন্তান সন্ততি নেথাকিব পৃথিবীত।
জীয়াৰী সন্ততিয়ে ধৰ্ম্ম কৰিব বিদিত॥
শুনিও মাধৱ তুমি আমাৰ বচন।
পূৰ্ব্বদিশে আসিবে ভক্ত দুই জন॥ ২০৯
গোপাল যদুমণি দুয়ো পৰম মহন্ত।
তাহাঙ্ক দিবাহা ইটো মূৰ্ত্তি ভাগৱত॥
মহাধৰ্ম্ম কহিবাহা তাহাত নিশ্চয়।
ধৰ্ম্ম প্ৰবৰ্ত্তাইবা ইটো নাহিকে সংশয়॥ ২১০
গোপাল যে নিৰাশ্ৰমী ধৰ্ম্ম আচৰিব৷
যদুমণি গৃহাশ্ৰমী ধৰ্ম্ম প্ৰবৰ্ত্তাব॥
ভবানীপুৰত যিটো গোপাল মহন্ত।
তাহাক দিবাহা ধৰ্ম্ম মহাৰত্ন সন্ত॥ ২১১
গোপালেও প্ৰবৰ্ত্তিব মহাধৰ্ম্ম চয়।
তোমাত কহিলো ময় নাহিকে সংশয়॥
পদ্ম নামে একজন পৰম মহন্ত।
তাহাতে কহিলা ইটো ভকতিৰ তত্ত্ব॥ ২১২
পৰম বৈষ্ণৱ সিটো বিপ্ৰ দামোদৰ।
উদাস মহন্ত সিটো শিষ্য শ্ৰেষ্ঠতৰ॥
পৰম দুঃখিত ভাব পূৰ্ব্বত আছিল।
পৰ অৰ্থে শ্ৰম কৰি জীবিকা কৰিল॥ ২১৩