পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
পদ্মপুৰাণ

শঙ্কৰ তাহাঙ্ক লাগি সাদৰ কৰিলা।
শাস্ত্রক পঢ়ায়া তাক পূজা ভাগ দিলা॥
পাটবাউসীত সত্র সভা কৰিলন্ত।
আচাৰ্য্য পাতিয়া দামোদৰক থৈলন্ত ৷৷ ২১৪
শঙ্কৰে বোলন্ত শুনা বিপ্ৰ দামোদৰ ৷
শৰণ কৰাহা বিপ্ৰ কৰ্ম্মী নিৰন্তৰ ৷৷
দামোদৰে মাধৱৰ ধৰ্ম্মক থাপিল।
নিজ শক্তি প্ৰচাৰিয়া বৈকুণ্ঠক গৈল৷৷ ২১৫
সংসাৰ ঢাকিয়া ভক্তি হাট পাতিলন্ত ।
ভক্তি ৰত্ন কিনি সবে বৈকুণ্ঠে চলন্ত ৷৷
শুনিয়ো সজ্জন আবে স্বৰূপ বচন।
শঙ্কৰেসে আদি মূল ভক্তিৰ লক্ষণ ৷৷ ২১৬
সমস্তে ত্যজি তান্ত কৰিও আশ্রয়।
তেবেসে পুৰুষ তৰিবাৰ ভাগী হয় ৷৷
স্বর্গ খণ্ডে কহে কলি যুগৰ নিৰ্ণয়।
ৰাম ৰাম বুলি কৰা পাপৰ প্ৰলয় ৷৷ ২১৭

ছবি

স্বৰ্গ খণ্ড ৰহস্যৰ, ইটো কথা সাৰ তত্ত্ব,
 হৰি কৈলা ব্ৰহ্মাৰ আগত।
বৃহৎ খণ্ডত কৈলা, বহুভাৱে ভক্তি কথা,
 ৰহস্যৰ কথা সমাপত ৷৷