পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
পদ্মপুৰাণ

চান্দসাই নামে এক যবন আছিল।
নানা ভাৱে শঙ্কৰক আশ্বাস কৰিল॥
একদিনা চতুৰ্ভুজ ৰূপক দেখিলা।
দুই হস্ত প্ৰসাৰিয়া শৰণে পশিলা ৷৷ ২০২
বদৰিকাশ্ৰমত আছে উদ্ধৱ মহন্ত ।
তান আগে চতুর্ভুজ ৰূপ ধৰিলন্ত ৷৷
উদ্ধবে জানিলা এহি কৃষ্ণদেৱ বুলি ৷
শঙ্কৰেও চাৰি হাতে ধৰি আঙ্কোৱালি ৷৷ ২০৩
পুছিল৷ কুশল বাৰ্ত্তা প্রিয় সখি বুলি৷
কহিল৷ ৰহস্য কথা ভকতি সমুলি ৷৷
বৃন্দাবনে গোপপুৰ মথুৰা পুৰত।
দ্বাৰকাৰ মাজে চতুৰ্ভুজ দেখিলন্ত ৷৷ ২০৪
ৰূপ সনাতন দেখি যায় চতুর্ভুজ।
হৰিবুদ্ধি মানি মনে ভৈলন্ত নিৰুজ ৷৷
জগন্নাথ চান্দসাই দৰশন হন্তে।
চতুৰ্ভুজ ৰূপ পাছে ধৰিলা তথাতে ৷৷ ২০৫
তাহান চৰিত্ৰ লীলা মহিমা অপাৰ ৷
পদ বাহুল্যৰ ডৰে নকৈলো বিস্তৰ৷৷
এক ৰাম ছয়বিংশ বৰিষ ভৈলন্ত৷
তথাপি কিশোৰ স্বভাবক নেৰিলন্ত॥২০৬
পৰম গম্ভীৰ ধীৰ মাধৱ মহন্ত৷
তান আগে চতুৰ্ভুজ ৰূপ ধৰিলন্ত ৷৷
পৰম অমূল্য যিটো মহাধর্ম্ম চয়।
সবে ভাৰ মাধবত অর্পিলা নিশ্চয় ॥২০৭