পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
পদ্মপুৰাণ

ছবি

মোৰ ভকতক যিটো, ৰাগ দ্বেষ নিন্দা কৰে,
 শৰীৰত দুঃখক দিৱয়।
আয়ু শ্ৰীযশ চয়, সবে তাৰ নষ্ট হয়
 অৱহেলা মনত কৰয়॥
যত তপ ধৰ্ম্ম জ্ঞান, যাগ যোগ যজ্ঞ দান,
 কাৰণ যে মোত কহিয়োক।
কোন ফল কিবা গতি, পাৱে সিটো মহামতি,
 কহি প্ৰভু শঙ্কা গুচাওক॥ ৬৪
নাৰায়ণে কৰি লীলা বিধিত কহিবে লৈলা,
 যাৰ ফল যেহি মত হয়।
যিটো ভক্ত প্ৰিয়ে মোৰ, বিধি মতে পূজা কৰে,
 তাৰ পূজা লওঁ মহাশয়॥
দেবাদিৰো মন্ত্ৰচয়, নিন্দে যিটো দুৰাশয়,
 তাৰ পূজা নকৰো গ্ৰহণ।
দেৱতাক শ্ৰেষ্ঠ কৰি, মোক মানে ভিন্ন কৰি
 শুদ্ধি নোহে দেহ বুদ্ধি মন॥ ৬৫
যিটো পাপী দুৰাচাৰে, পুষ্পদানে পূজা কৰে,
 শৰীৰত মোহোৰ নিশ্চয়।
পূজাক নলৈবো তাৰ, নানা দ্ৰব্য উপহাৰ,
 গোমাংসৰ সদৃশ হোৱয়॥