এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
পদ্মপুৰাণ
সিটো দুষ্ট দুৰাশয়,
অন্য দেবতাৰ লয়,
মোক অৰ্পি পূজাক কৰয়।
নাহিকে কল্যাণ তাৰ,
অনেক পুৰুষ খসি,
নৰকত পৰিবে নিশ্চয়॥ ৬৬
অনেক জন্মৰ পুণ্য,
নাশী আত্মঘাতী হৈয়া,
ভব কূপে ভ্ৰমিয়া ফুৰয়।
তোমাৰ আগত মই
কহিলোহো সৃষ্টিকৰ,
আঙ্ক তুমি জানিবা নিশ্চয়॥
মোৰ নিজ ভক্ত সবে,
অন্ত্যজো হোৱয় যদি,
মৃন্ময় যে মুৰ্ত্তিক পূজয়।
অক্ষৰক ব্ৰহ্ম মানি,
পূজিবেক অনুমানি,
নমো কৃষ্ণ মন্ত্ৰক জপয়॥ ৬৭
তাতে ময় তুষ্ট হওঁ,
সমস্ত দ্ৰব্যক পাওঁ,
বশ্য হওঁ সেৱক স্বভাৱ।
তুলসী পত্ৰৰ জলে,
কিনিয়া নিলেক মোক,
মই সমে এক প্ৰেম ভাৱ॥ ৬৮
পদ
তথাপি ব্ৰহ্মাৰ মনে মিলিল সংশয়।
তোমাৰেসে অংশ জীৱ যতেক হোৱয়।
শুনিও চতুৰানন কথাৰ আশয়।
তোমাত কহিবো মই কথাক নিশ্চয়॥ ৬৯
২