পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
পদ্মপুৰাণ

সিটো নিজ ভক্তে,  যি থানত মোক,
 শ্ৰবণ কীৰ্ত্তন কৰে।
যত দেৱ তীৰ্থ,  যত ধৰ্ম্ম কৰ্ম্ম,
 তৈতে সিজে নিৰন্তৰে॥
যিটো গুৰু হৈয়া,  পঞ্চ তত্ত্বকৰ্ম্ম,
 সব ধৰ্ম্ম নজানয়।
প্ৰাণী হিংসা কৰি,  শাস্ত্ৰকো নুবুজে,
 নিষেধত প্ৰবৰ্ত্তয়॥ ৬১
দম্ভ অহঙ্কাৰ,  স্ত্ৰীধনত মতি,
 নিজ ভক্তি নজানিব।
সি হেন গুৰুক,  শিষ্যে, ত্যজিবেক,
 তাৰ বাক্য নমনিব॥
যত পাপ চয়,  দহি ভস্ম কৰে,
 শুনিয়া তৰে সংসাৰ।
বৈকুণ্ঠক ত্যজি,  মই হওঁ বশ্য,
 ভক্তিৰ মহিমা সাৰ॥ ৬২
হেনয় কীৰ্ত্তন,  যি জনে নিন্দয়,
 মোহোৰ দ্ৰোহী সিজন।
ভকতৰো দ্ৰোহী,  সবাকে বঞ্চিলে,
 তাহাৰ নাহি তাৰণ॥
যত তপ ধৰ্ম্ম,  দেৱ পিতৃগণ,
 সবাহাকো ভস্ম কৰয়।
আত্মাকো নিগ্ৰহ,  পুণ্য নষ্ট কৰি,
 নৰক পথে চলয়॥ ৬৩

————