পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

আশী বিধ ভক্তি নৱবিধ শ্ৰেষ্ঠতৰ।
নৱ বিধ মধ্যে তিনি বিধ শ্ৰেষ্ঠতৰ॥
এক সৎ সঙ্গত নিজ ভক্তি ধৰ্ম্ম পায়।
তথাপিতো দেৱ তীৰ্থে তৰিবাক চায়॥ ৩৩
মেৰু সম সুবৰ্ণক নিতে দেই দান।
ব্ৰহ্মহত্যা সুৰাপান অগম্যাগমন॥
পঞ্চ মহাপাতকী যিটো আৰু সমস্তত।
এক নামে নষ্ট কৰে কৈলো সাৰতত্ত্ব॥ ৩৪
কহিবোহো ব্ৰহ্মা শ্ৰেষ্ঠ ভক্তিৰ মহিমা।
পঞ্চবিধ মুক্তিৰ তোমাত কৈবো সীমা॥
আমাক পূজিয়া মুক্তি সালোক্যক পায়৷
মোৰ পদ সেৱনত সামীপ্য মিলয়॥ ৩৫
সামীপ্যক পায় মোক কৰিয়া স্মৰণ।
সাৰূপ্য মুক্তিক পায় কৰিয়া বন্দন॥
মোৰ নাম গুণ যিটো কৰয় কীৰ্ত্তন।
সাংযোজ্য মুক্তিক দিওঁ কহিলো বচন॥ ৩৬
ইহাৰ বাহিৰে এক ভকতি আছয়।
ভকতৰ সঙ্গ সুখ সহজে খোজয়॥
ভাগৱতী ভকতৰ শুনিয়ো লক্ষণ।
সমস্তকে অৰ্পিবেক মোহোৰ চৰণ॥ ৩৭
অহঙ্কাৰ অহম্মম ত্যজিবে নিশ্চয়।
সাৰূপ্য মুক্তিত পাৱে শুনা মহাশয়॥
নিৰ্গুণ ভক্তৰ ব্ৰহ্মা শুনিয়ো কাৰণ।
আত্মা সম দেখিবেক যত ভূতগণ॥ ৩৮