পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

চাণ্ডালে ভজয় ভক্তি কৰিয়া আমাত।
মোত কৰি শ্ৰেষ্ঠ সিটো জানিবা সাক্ষাত
সেহি জন মোৰ গুৰু জানিবা নিশ্চয়।
ঋষিয়ে মানিলে গুৰু কৰাহা সংশয়॥ ২৭
জানিবাহা বিধি কলিযুগে ব্ৰাহ্মণৰ।
ব্ৰহ্মতেজ নষ্ট হৈবে শুনা সৃষ্টিকৰ॥
উত্তৰী নিৰ্গুণ চিহ্ন আমাত বিমুখ।
এৰি জাতি কুলক পাইবে মহাদুঃখ॥ ২৮
ব্ৰত কৰি ক্ৰয় কৰি নাম দান লৈব।
মোহোক নভজি আন দেৱক ভজিব॥
লোকত কহিব আমি শ্ৰেষ্ঠ দ্বিজবৰ।
তাহাঙ্কে শাশ্বত মানিবেক অজ্ঞ নৰ॥ ২৯
গুৰু বোলাই ফুৰিবেক পাষণ্ডৰ লয়।
ধৰ্ম্ম জ্ঞান দেখাইবে লোকত নিশ্চয়।
সেহি বিপ্ৰ চাণ্ডাল যে অধম দুৰ্জ্জন।
তাৰ উপদেশ লৈয়া নষ্ট হৈব আন॥ ৩০
অজ্ঞানত থাকি যদি উপদেশ লয়।
শিষ্য সমন্বিতে সিটো নৰকে পৰয়॥
কলিৰ লোকৰ মই কি কৈবো মহিমা।
আপুনি কহিয়া তাৰ নপাইলোহো সীমা॥ ৩১
চাণ্ডাল পৰ্য্যন্ত তৰে স্মৰিয়া যাহাক।
একৈক নামৰ কি কহিবো মহিমাক॥
কোটি অসংখ্যাত গো ব্ৰাহ্মণক দেই দান।
কোটি অশ্বমেধ কৰে যত তীৰ্থ স্নান॥ ৩২