পৃষ্ঠা:পদ্ম পুৰাণ.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

আত্মা হিংসা নকৰিয়া আমাক ভজয়।
লীলা মুকুতিক দিওঁ কহিলো নিশ্চয়॥
ঐকান্তিক সপ্ৰেম কেৱল ভকতৰ।
লক্ষণ কহিবো মই শুন৷ সৃষ্টিকৰ॥ ৩৯
একান্ত ভক্তক গুৰু মানিবে প্ৰথম।
তান্ত উপদেশ লৈয়৷ আত্মাক নিয়ম॥
লাভালাভ সুখ দুখ মনে নমানিব।
লোভ মোহ কাম ক্ৰোধ সমস্তে ত্যজিব॥ ৪০
ইন্দ্ৰিয়ৰ বৃত্তি মানে আমাতে অৰ্পিব।
অন্য কৰ্ম্ম এড়ি মোৰ চৰণ চিন্তিব॥
সহনত হৈবে যেন ধৰণী মণ্ডল।
বোধত সমুদ্ৰ যেন ধৌ যে মেৰুবল॥ ৪১
শৰণ ভজন ভক্তি বেদান্তৰ বাজ।
আনন্দে ভাবিলে পাই হৃদয়ৰ মাজ॥
মাহোৰ নামৰ মই কি হৈবো মহিমা।
আপুনি সহস্ৰ মুখে কহি নেপাওঁ সীমা॥ ৪২
মোক ভজিবেক মোৰ নেৰিবে নামক।
আত্মাসম দেখিবেক সমস্ত ভূতক॥
আনন্দতে মজি মোক হৃদয়ে ধৰয়।
বাতুল আকাৰ হুয়৷ কতোহো নাচয়॥ ৪৩
নিত্য নৈমিত্তিক যত সমস্তে ত্যজয়।
ইন্দ্ৰিয়ক দমি পৰম ব্ৰহ্ম ৰূপ হয়॥
মোত কৰি শ্ৰেষ্ঠ সিটো জানিবা নিশ্চয়।
প্ৰেমানন্দ ভক্তি মোত সততে কৰয়॥ ৪৪