পৃষ্ঠা:পদ্ম পুৰাণ.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পদ্মপুৰাণ

পূৰ্ণ ভৈলে অস্ত্ৰ শস্ত্ৰ নধৰোহোঁ ময়।
সৃষ্টি স্থিতি সংহৰি কাৰণ সবে হয়॥
বহুবাৰ নাম মূৰ্ত্তি নধৰোহোঁ ময়৷
কেৱল ভক্তিকে থাকোঁ কৰিয়া আশ্ৰয়॥ ২১
সন্ত মূৰ্ত্তি ধৰি থাকো শুনা সৃষ্টিকৰ।
সদায়ে সপ্ৰেম ভাৱে শুনা বিধিবৰ॥
অব্যক্ত মূৰ্ত্তি যে বহু স্বৰূপে ধৰিবো।
নিজ অংশ কৃষ্ণ বুলি তাতেসে কহিবো॥ ২২
পূৰ্ণভাৱ স্বৰূপত তোমাত কহিবো।
পৰম আনন্দ ভাৱে ৰসত মজিবো॥
পূৰ্ব্বতো কহিয়া আছো হৰৰ আগত।
কলিৰ যতেক ভাৱ ধৰ্ম্ম স্বৰূপত॥ ২৩
পৰম ৰহস্য ইটো বেদান্তৰ সাৰ।
কৰিলোহো ভাগৱত তোমাত প্ৰচাৰ॥
অনন্তে কৰিছে চাৰি সিদ্ধৰ আগত।
সম্প্ৰদা স্বৰূপে প্ৰবৰ্ত্তিব ভাগৱত॥ ২৪
অপবিত্ৰ সুত যিটো জগতে প্ৰখ্যাত।
গুৰু মানি সততে শুনিবো ভাগৱত॥
কহিলন্ত ভাগৱত ঋষি সমাজত।
আঠাইশ সহস্ৰ ঋষি বেদত পাৰ্গত॥২৫
শুনিয়া ব্ৰহ্মাৰ মনে মিলিল সংশয়।
পণ্ডিতক গুৰু কিয় ঋষিয়ে মানয়॥
ব্ৰহ্মাক সম্বোধি হেন মাধৱে বুলিলা।
মোৰ ভকতৰ কিয় জাত বিচাৰিলা॥ ২৬