পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চিঠি। দুৰ্গ। শৰণম্। অশোগুণজ্ঞ, স্নেহাস্পদ। এমৎক।ৰ্তিচন্দ্ৰ গোস্বামী বিদ্যাভূষণ দীৰ্ঘজীবিযু। তোমাৰ দ্বাৰা সংগৃহীত আমাৰ পূৰ্বপুৰুষ সকলৰ অৰ্থাৎ “পদ্মনাভাদ চৰিত ” নামে হাতেলেখা পুথিখনি আদ্যন্ত পঢ়ি বৰ আনন্দ পালো। মই অনেক দিনৰ পৰাই এনে এখনি পুথিৰ অভাব বুজিছিলো। তোমাৰ দ্বাৰা এই অভাব পূৰ্ণ হোৱাত বিশেষ সুখী হলু। মদীয পিতৃদেব পূৰ্ণানন্দ গোস্বামীয়ে লেখি থৈ যোৱা চৰিত্ৰৰ সহিত প্ৰায় মিলহৈছে। যি ভ্ৰম প্ৰমাদ আছিলে শুধৰাই দিয়া হৈছে। ইতি। শক ১৮৩৪। ২২ ভাদ্ৰ শুভাকাংক্ষী কুলগুৰি, গোলাঘাট। | শ্ৰীকীৰ্তিচন্দ্ৰ দেব গোস্বামী