পৃষ্ঠা:পদ্মনাভাদি চৰিত.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৵৹

 ইপিনে এই পদপি দ্বয়ে বৰ্ত্তমানে আমাক অপকাৰ হে কৰিছে। হিন্দুধৰ্ম্মৰ অবনতিৰ সময়ত তেনে পদপি নিতান্ত লজ্জা কাৰক মাত্ৰ। “ভোগাই নামলৈ পানী কাহুঁদি খোৱা” পটন্তৰ আমাতে মিলিছে। তথাপি অনেকৰ অনুৰোধত অনিচ্ছা সত্ত্বেও আমাৰ সংক্ষিপ্ত বিবৰণ লেখা হ’ল।

 ইমানতে এখনি বিবৰণি পুথি নেলেখিলে আমাৰ পুলি পোষা বোৰে যে একোকে কব নোৱাৰা হব, ইও এটা বিবৰণ লেখাৰ ঘাই কাৰণ।

 এই বিবৰণ অনেক অনুসন্ধান কৰিহে লেখা হৈছে, তথাপি যে ভ্ৰম প্ৰমাদ শূন্য এনেকৈ ডাঠি কব নোৱাৰি। আশা কৰো কোনো অভিজ্ঞ জনে আমাৰ ভ্ৰম প্ৰমাদ দেখিলে আমাক যেন জানিবলৈ দিয়ে সবিনয়ে এই ভাৰসা কৰা হ’ল।

 পৰি শেষত জনাও কুৰালগুৰি নিবাসী পূজ্যতম শ্ৰীশ্ৰীযুক্ত কীৰ্ত্তিচন্দ্ৰ দেব গোস্বামী পিতৃব্য দেবে এই বিবৰণি আদ্যন্ত ভালকৈ চাই সংশোধন কৰি দিয়া বাবে তেওঁৰ ওচৰত চিৰ ঋণী থাকিলোঁ। কিমধি কমিতি।

শক ১৮৩৪। ২৪ শ্ৰাবণ
যোৰহাট।

শ্ৰীকীৰ্ত্তিচন্দ্ৰ শৰ্ম্মণঃ।